অযোধ্যাকাণ্ড 19 দৰ্প মান এৰি তান চিত্তক তুষিবা। তেবে অনুৰূপে তোমাক ভৰতে পুষিব! | প্ৰভাত সময়ে উঠি চলিবাহা গাৱ। কৰিবাহ৷ প্ৰণাম আমাৰ বাপ মাৱ। ১৮৪৪ হিত সুহৃদক ছাৰি নেদেখিবা আন। সব শাশু দেখিবাহা কৌশল্যা সমান॥ সীতায়ে বোলন্ত প্ৰভু শুনিয়ো বচন। মোৰ বাক্য হেলা নকৰিবা দিয়া মন। ১৮৪৫ বাপৰ হুকৃতে পোৰ নুপজয় সুখ। পোৰ কৰ্ম্মে বাপেকৰো নখণ্ডয় দুখ॥ সি সব বচন আমি শিৰোগতে ধৰো। নদী বনে তোমাৰ তুলতে অনুসবো॥ ১৮৫১ হেন শুনি বুলিলন্ত জগতৰ নাথে। সীতা দেবী আগতে আছন্ত হেটমাথে॥ শুন শুন সীতা বোলো জনক জিয়াৰী। নাৰীসমে বনবাস খাটিতে নপাৰি॥ ১৮৫২ সিংহৰ নাদক শুনি গিৰিব কন্দৰে। কাম্পে কলেবৰ চমকিত হৈবা ডৰে॥ পৰ্ব্বত সমান হস্তী গৰ্জে নিবন্তবে। দ্বাদশ মাসৰ ভিতৰত ময় ধৰে॥ ১৮৫৩ মহিষ বৰাহ বাঘ সৰভ গবয়। স্বামীৰ সুকৃত ভুঞ্জে পতিব্ৰতা জন। প্ৰভুৰ লগত আব শোকে যাইবো বন॥ ১৮৪৬ সিংহ ঘোঙ বাৱে আতি ত্ৰাসক জনয়। গোলাসতে ৰাজগোম পৰ্ব্বতীয়া বোৰ। বনক যাহন্তে আগে মিলিবেক যত। ভাঙ্গিয়া কণ্টকবন চলিবো আগত॥ মোৰ অভিপ্ৰায় যেন আপুনি জানাহা। অনুগত তেজি অপমানক পাইবাহা॥ ১৮৪৭ কেশৰী কুঞ্জব বাঘ ভালুক মহিষ। তুমি সঙ্গে থাকিতে কৰিবে মোক কিস॥ নদী নদ দেখিবে৷ বিবিধ সবোবব। কুমুদিনী নলিনী অনেক মনোহব॥ ১৮৪৮ উৎসুক মনক গোসাই নকৰিয়ে৷ ভঙ্গ। তুমি সমে বনক যাইবাক বৰ বঙ্গ॥ তুমি সনে ভ্ৰমণ কৰিবো বন মাজ। যেহেন স্বৰ্গত শচীদেৱী দেৱৰাজ॥ ১৮৪৯ ৰত্নময় বিচিত্ৰ পৰ্ব্বত বন দেশ। বিবিধ পুষ্পিত বন সুগন্ধি নিশেষ॥ সমুচিত ক্ৰীড়া স্থান কুঞ্জৰ বিশেষ। কামে সমে ৰতি যেন কৰিবো আশেষ॥ ১৮৫০ মাৱে মোক পূৰ্ব্বত শিখাইলা হাতে ধৰি৷ নকৰিবা ভোজন স্বামীক পৰিহৰি॥ মালীক অজগব যাক নাহি যোব॥ ১৮৫৪ ইসবক আদি কৰি ভয়ঙ্কৰ সৰ্প। দৰ্শন মাত্ৰেকতে হবে বল দৰ্প॥ কীট পতঙ্গ জোক নকুল ইন্দুৰ; ইটে৷ সব জন্তু আছে বনত প্ৰচুৰ॥ ১৮৫৫ গুগুকুৰি পৰুৱা আছয় আস খান। যাহাৰ প্ৰহাৰে সিংহে নসহয় টান॥ বিহঙ্গম চাতক বনভ সব মিলে। আচোক মানুষ হস্তী গোটে গোটে গিলে॥১৮৫৬ ৰকত কমল সব তোৰ হাত পাৱ। সৰ্ববক্ষণে নেতক মলিত যাব গাৱ॥ ৰত্নগৃহে ফুৰন্তে শোণিত পাৰে বড়ে। উলু কণ্টকত ফুৰিবেক কোন সাহে॥ ১৮৫৭ অনেক দিনৰ পথ হৈব মৰুস্থল। মহাদুখ থান কতো অপৱিত্ৰ জল॥ কুশৰ কণ্টক লতা গুল্ম যত দেশ। ঘোৰ অৰণ্যত কেনে হৈবাহা প্ৰবেশ॥ ১৮৫৮
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩৫
অৱয়ব