শুকাই গৈল চৰ্ম্মসম পাঞ্জি হেন কেশ। দৃঢ় কৰি গাঠি বান্ধি আগত প্ৰবেশ॥ হাতে লৰু ধৰি চলিলাহা দ্বিজবৰ। অযোধ্যাকাণ্ড পাৱ থিৰ নোহয় কাম্পয় কলেবৰ॥ ১৮৭৩ বাহুৰিয়ো গোসাই বুলি ৰামে দিলা ৰাৱ। পৰিহাস বুলিলে৷ লখিলো কুট ভাৰ॥ গোৰক্ষে সহিতে গোসকল নিয়োক। আৰে৷ যত ধন লাগে মোত মাগিয়োক। ১৮৭৪ যজ্ঞ কৰিবোহো বুলি মাগি লৈয়া ধন। ৰামক আশীষ কৰি চলিলা ব্ৰাহ্মণ॥ যত ধন দিয়৷ ৰামে কৰিলন্ত শেষ। অস্ত্ৰ আন লক্ষ্মণক কৰিলা আদেশ॥ ১৮৭৫ বৰুণে পিতৃক দিল| ধনু দুই খান। তূণ দুই অক্ষয় সম্পূৰ্ণ যত বাণ॥ আৰো দিলা অভেদ কচে দুইখান। বিমল কৰচ দুই ঝাণ্টে গৈয়া আন॥ ১৮৭৬ দিব্য ধনু মোহোৰ আছয় গুৰু ঘৰে। তাহাক আনিয়ে৷ গৈয়া লক্ষ্মণ সত্বৰে। ৰাঘৱৰ আদেশ শিৰত কৰি লৈয়া। ত্বৰিতে লক্ষ্মণে ধনু আনিলন্ত গৈয়া॥ ১৮৭৭ ৰাম সীতা লক্ষ্মণ ধনুক দান কৰি। ৰাজাক দেখিতে যান্ত থান পৰিহৰি॥ ওৱাৰিৰ নাৰী কান্দে সীতা পাৱে পৰি। কৈক যাহা মাৱ আমাসাক পৰিহৰি॥ ১৮৭৮ নকৰিলো পাপ অকালত মৃত্যু নাই। অন্তেষপুৰৰ লক্ষ্মী এৰি কৈক যায়॥ পূৰুব কালত আছে৷ খণ্ড তপ কৰি। তাৰ ফলে সীতা মাব যান্ত পৰিহৰি॥ ধৱলীবৰত পৰি কান্দে নাৰীজন। যেন হিম গিৰিত পৰিল তাৰাগণ॥ ১৮৭৯ 1 ৰাজ পথে প্ৰজা যত আদি অন্ত নাই। চতুৰ্ভিতি বেঢ়িয়া ক্ৰন্দন কৰি যায়॥ ১৮৮০ নিৰন্তৰে প্ৰজা যত কান্দয় চৌপথে। কিনো কৰ্ম্ম কৰিলে নৃপতি দশৰথে॥ জানিলোহে৷ ইহাঙ্ক আপদে আসি পাইল। সি কাৰণে প্ৰিয় পুত্ৰ বনক পঠাইল॥ ১৮৮১ আমি সব ৰামৰ লগতে চলি যাইবো। ইহানে পাশতে গৈয়া নগবী বসাইবো॥ নিৰন্তৰে লইয়া যাইবো পুত্ৰ পৰিবাৰ। ইটে৷ শূন্য নগৰী কৈকেয়ীৰ হৌক সাৰ॥ ১৮৮২ ৰাজাৰ কুমাৰী তুলিলন্ত বাপে মাৰে। প্ৰজাগণে দেখে সীতা যান্ত ভুমি পাৱে॥ সুকোমলী সীতা দেবীৰ ভূমিত চৰণ। কিসক নভৈল বিধি আমাৰ মৰণ॥ ১৮৮৩ নগৰী জনৰ বাক্য শুনি হেন কাণে। সিংহদ্বাৰ পাইলন্ত মনত অভিমানে॥ হুমন্ত্ৰক বোলন্ত জনায়ে৷ মহাৰাজে। বাপৰ চৰণ দেখো যাইবো বনমাজে॥ ১৮৮৪ সংক্ষেপ কৰিয়া কহিলোহো ইটো কথা। দশৰথ নৃপতিৰ শুনিয়ে৷ ব্যৱস্থা।
২৯ দশৰথ শ্ৰীৰামৰ বিদায় প্ৰাৰ্থনা আৰু দশৰথৰ শোক। চেতন লভিয়া শোকে কৈকেয়ীক চাইল। ৰোগযুত গজে যেন সিংহ ভেট পাইল॥ ১৮৮৫ কাল ৰাতি শুনিবি কৈকেয়ৰাজ জীব। ৰাম বন গৈলে মই তেজিবোহে। জীব॥ তোৰ পুত্ৰ কেনমতে কৰিবেক ৰাজ। ছৱাল চৰিত্ৰ কিছু নুবুজয় কাজ॥ ১৮৮৬