PLEASE HANDLE THE BOOK CAREFULLY. অযোধ্যাকাণ্ড তুমি এৰিলেতে৷ মই শোক দুখ পাইবো। নিহৰে নলিনী যেন ঠাৱতে শুখাইবো॥ ধেনু যেন বংসৰ পাচত কৰে গতি। তোমাৰ লগতে যাইবো হেন মোৰ মতি॥ ১৭৯৭ কৈকেয়ীক দেখিয়া শৰীৰ মোৰ কল্পে। হৰিণীক নিতে যেন বাঘিনীয়ে জাম্পে॥ সপিনীব আগে যেন মণ্ডুকীৰ গতি। শেনীৰ আগত যেন কম্পে কপোৱতী॥ ১৭৯৮ কৈকেয়ীৰ দাস ৰাজা মই যাইবো বন। তুমি এৰি গৈলে মোব নাহিকে জীৱন। ৰাঘৱে বোলন্ত নাৱ শোক এৰিয়োক। চলিবোহো বনক মাঙ্গল্য কবিয়োক॥ ১৭৯৯ ত্ৰিভুবনে বিদিত নৃপতি দশবণ। সত্যক এৰিয়া কেনে তেজি ধৰ্ম্মপণ॥ মোৰ কৰ্ম্মে আসিয়া ভৈলন্ত উদভাৱ। চৰণত ধৰে৷ মোক আজ্ঞা দিয়ো নাৱ॥ ১৮০০ যুগুত বচনে বামে নাৰক জুবাইল। অনিচ্ছায়ে মাৱব অনুজ্ঞা বামে পাইল॥ আখি মুখ পখালিলা বামে দিলা জল। শিশিবে প্ৰকাশে যেন বকত কৰল। ১৮০১ দেৱতা পূজিয়া দেবী কবি সমাপতি। মঙ্গল কৰিলা মন্ত্ৰ জপিয়া সম্প্ৰতি॥ ৰক্ষা বান্ধিলন্ত মাথে ৰাম লক্ষ্মণৰ। ৰক্ষা কৰন্তোক পথে দেৱ নিবন্তৰ। ১৮০২, ৰক্ষা ঔষধক পিন্ধাইলন্ত দুইৰো হাতে। দেৱব নিৰ্ম্মাল্য পিন্ধাইলন্ত দুইৰে৷ মাথে॥ ধৃতি স্মৃতি কীৰ্ত্তি কান্তি সতী সবস্বতী। গতি মতি শান্তী আদি কৰি তুতি নতি॥ ১৮০৩ অসংখ্য ৰহ্য শাস্ত্ৰ নিগম পুৰাণ। ইতিহাস আদি কৰি কৰন্তো কল্যাণ॥ সিংহ বাঘ ঘোঙ আদি কুঞ্জৰ মহিষ। ৰাক্ষস পিশাচ সৰ্পগণ মহাবিষ॥ ১৮০৪ বৰাহ ভালুক গণ্ড গবয় সকল। ঋষভ প্ৰভৃতি কৰি কৰন্ত মঙ্গল॥ ধাতা বিধাতাক আদি ইন্দ্ৰ দেৱবাজ।
- কুবেৰ বৰুণ আদি দেৱতা সমাজ॥ ১৮০৫
স্বৰ্গ গৰ্ত্ত্য ৰসাল অনিল অনল। চন্দ্ৰ সূৰ্য্য দিন ৰাতি নক্ষত্ৰ সকল॥ জলচৰ গলচৰ বনচৰ যত। ত্ৰিভুবনে থিত যত মঙ্গল কবন্ত॥ ১৮০৬ • পুত্ৰ দুইকো কৌশল্যা কোলাক লাগি নিলা। আপোন পাৰব ধূলি দুইবো মাথে দিলা॥ চৈধ্যয় বৰিস স্নখে বনে যাওক কাল। অধিবোধে তবিবাহা বিপিন বিশাল॥ ১৮০৭ আকাশে পৱন যেন থাকে নিৰন্তবে। এক প্ৰাণে হয়ো ভাই বঞ্চিবা দুস্তবে॥ দুয়ো ভাই মাৱ দুইকে৷ প্ৰদক্ষিণ কবি। নাৰ দুইয়ো পদধূলি শিৰে আনি ধৰি॥ ১৮০৮ জন নন বন্তে চলিলা দুই ভাই। লীলাগতি পাইলা গৈয়৷ আপোনাৰ ঠাই॥ নমো নমো বনুকুল কমল দীনেশ। ৰহ্মা হব আদি পালে নাগব আদেশ॥ ১৮০৯ ভৰ দুখ দূব হোৱে বাব লৈলে নাম। তান কৈত দুখ আছে জানি বোলা ৰাম॥ ১৮১০ শ্ৰীবামে সীতাৰ আগত বনবাস-আদা কথন। ধৱলি ওৱৰত । ৰাঘৱৰ মনোৰম। শ্বেত মেঘ যেন ২৩ আচন্ত জানকী জগত বিদিত ৰোহিণী দ্ৰেী উপমা॥