ৰামায়ণ ২২ দশ বিপ্ৰ অধিক গৌৰৱ উপাধ্যায়। তাতো দশগুণ পিতা দেখিতে যুৱায়॥ বাপত অধিক দশগুণ হোৰে মাৰ। পৃথিবীত গুৰুতৰ দেখিব সুভাৱ॥ ১৭৮২ হেন মনু বাক্য তুমি নকৰিবা বাধা। পাপ এবি বাপু তুমি ধৰ্ম্ম পগ সাধা | মোত পৰে তোৰ আব নাই গুৰুতৰ। কাম বশ বাপৰ বচন পৰিহব॥ ১৭৮৩ হৰি হৰি বাম তই দহিবাক ভৈলে। নিৰ্যাণ কালৰ বাতি জ্বালিয়া মিলাইলে॥ দুই পুত্ৰ হৰুৰাইলো কি কাম কৰিলো। এবেসে জানিলে৷ মই জীৱন্তে মধিলে৷॥ ১৭৮৪ প্ৰাণ প্ৰভু দশৰথ মহা মহীপাল। জানিলোহো এবেসে তোমাৰ ভৈল কাল॥ কৈক যাইবে ৰাম মোব একুটীব পো। তোক হুমৰন্তে সদা ঝৰিবেক লো॥ ১৭৮৫ নৃপতিৰ বাক্য বাধি কব মোক মত্ত। ৰাজাৰো হৰিব হৈব জানিয়োক তত্ত্ব। কৈকেয়ীক বাক্য বুলিৱন্ত মহাবাজ। বুলিলোহে৷ ৰামক যাইবাক বনমাজ॥ ১৭৮৬ বচন নকৰে পুত্ৰ আবচন কৰ। যেন অভিমত আবে লৈয়ো আন বৰ॥ মোৰ বাক্য কৰিলে সবাবে৷ হোৱে হিত। জ্যেষ্ঠ পুত্ৰক ৰাজ্য দিবাক উচিত॥ ১৭৮৭ কাম বশ বাপৰ বচন পৰিহৰ। লখাই সমে বিমৰিষ কৰি ৰাজ্য কৰ॥ তুমি এৰি গৈলে শূন্য দেখো দশোদিশ। অগনিত প্ৰবেশো নুহিবা খাও বিষ॥ ১৭৮৮ যদি বনে যাইবে বাপু মোকো লৈয়া চল। তোহোৰ লগতে মইয়ো খাইবো বনফল॥ শ্ৰীৰাম বোলন্ত মাৱ কোশল জিয়াৰী। তোমাব আমাৰ নৃপতিসে অধিকাৰী॥ ১৭৮৯
- তাহান বচন বাধি কত ফল পাইব।
গৃহ এৰা ত্ৰিভুবনে কুখিয়াতি যাইব॥ নাৰীৰ পতিসে গতি আন দেৱ নাই। তান বোল হেলা কৰি পাপকেসে পায়॥ ১৭৯০ ৰতে দানে তুষিলা দেৱতা ব্ৰাহ্মণ। মোহোৰ দায়াত তাক বিনাশিবে মন॥ কৈকেয়ীক দেখিব৷ ভগিনী সম হিত। প্ৰবলে সহিতে দ্বন্দ নুহিকে উচিত॥ ১৭৯১ যাবত তোমাৰ আছা স্বামী দৃঢ়কায়। আমাৰ তুলত বন যাইবে নুযুৱায়॥ বাজ৷ বৰ দিলা লৈল৷ কৈকেয়ী সাদৰী। তান অপৰাধ আচবিবে৷ কেন কৰি॥ ১৭৯২ কৈকেয়ীক নৃপতি পূৰ্ব্বত দিলা বৰ। আত কিছু দোষ মই নেদেখো বাপৰ॥ তোমাৰ স্বামীসে দেৱ শুশ্ৰুত্সা কৰিবা। তাহান বচন মাৰ শিৰত ধৰিবা। ১৭৯৩ পাতৰতা ধৰ্ম্মে আই স্বৰ্গে চলি যাইবা। তান বাক্য হেলা কবি অধৰ্ম্মক পাইবা॥ ! দশৰথ বাপ মোব তুমি নিজ মাৱ। জগতে বিদিত বঘুকুলে যাৰ ঠাৰ॥ ১৭৯৪ ৰামৰ বচন শুনি কৌশল্যা কান্দন্ত। পুত্ৰশোকে দুখৰ কমনে পাইবো অন্ত॥ বাহাৰ কিঙ্কৰে সবে হস্তী ৰথ ৰায়। 1
- বিধিৰ বিপাকে ৰাম বন চলি যায়॥ ১৭৯৫
ওৱাৰি শ্মশানশাল চিন্তা আম গাণ্ডি। কৈকেয়ীৰ বচনে খোচনি ভৈল দাণ্ডি॥ শোক বহ্ণি শ্বাস ধুম বিয়োগ তোমাৰ। নিৰন্তৰে শৱ দাহ কৰিবে আমাৰ॥ ১৭৯৬ 1