পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 হেন শুনি ক্ৰোধিলন্ত লক্ষ্মণ প্ৰধান। খাণ্ডাক ঝঙ্কাৰি কম্পে তৰতবি মান॥ তাৰা যেন বকত নয়ন দুই ফুৰে। অবিল ধাবে যেন মেঘজল ঝুৰে॥ ১৭৫২ আকাশ নিৰ্ম্মল যেন খাণ্ডা তুলি লৈলা। কৈকেয়ীক ধাৱে যমদূত সাজ ভৈলা॥ ভ্ৰুকুটি কুটিল আখি ভৈগৈল বদন। ৰামক বুলিলা মহা কোপ কৰি মন॥ ১৭৫৩ ক্ষত্ৰ কুলে উপজিলা ভৈলা বুদ্ধিনাশ। প্ৰিয় বাক্য বুলিয়া বৈবক দিল| আশ॥ পৌৰুষ এবিয়া দৈব কবিলাহা সাব। নপুংসক বৃত্তি সব ভৈগৈল তোমাব॥ ১৭৫৪ ভৈল দৈব তোমাব কুঞ্জব ময়মত্ত। পৌৰুষ অঙ্কুশে আজি কবে৷ পৰিৱৰ্ত্ত॥ তুমি বাজা হৈবাক যাহাব নাহি মন। মাৰিয়া পঠাইবো তাক যমৰ কৰণ॥ ১৭৫৫ ৰাজ ধৰ্ম্ম এৰিয়া হৈবা তাপসীব বেশ। কেমন মুগুধে হেন দিল উপদেশ॥ কিনো পাপ কৰিলো বচন নুশুনাহা। মাৰৰ সতিনা বোলে মৰিবাক যাহা॥ ১৭৫৬ কিসক তোমাৰ ভৈল হেন বুদ্ধি মোস। সকলো লোকক কৰাইলাহা অসন্তোষ॥ লোকৰ বিদ্বেষ কৰিবাক নুযুৱায়। ৰাজ্য ধৰ্ম্মধৰি দৃঢ় কবিয়োক কায়॥ ১৭৫৭ দাব সুহায়ন মোৰ নোহে চন্দ্ৰহাস। টোন হাত সুহায়ন নোহে বনবাস॥ শৰীৰ শোভন মোব নোহে দুই বাহু। জিনিবো শত্ৰুক চন্দ্ৰক যেন ৰাহু॥ ১৭৫৮ খৰতৰ লক্ষ্মণক ত্ৰিভূবনে জানি। বীগণ তাত তযু পাচত বখানি॥ ৰামায়ণ কদলী বনক যেন গুৰিত ছেদিবো। বিপক্ষক মাৰি যম সদন পূৰিবো॥ ১৭৫৯ ! কৈকেয়ীক নৃপতিক কোপ কৰি মনে। মেলানি দিয়োক বুলি ধৰিল৷ চৰণে৷i সত্যেসত্যে পালিবোহে৷ তোমাৰ আদেশ। আজ্ঞা দিয়ো পৰিৱৰ্ত্ত কৰিবো নিশেষ॥ ১৭৬- সকল ৰাজ্যৰ লোক ভৈলোহো অসাৰ। বাপকৰ গোসানীক কবিলেক সাৰ॥ আজ্ঞা দিয়ো প্ৰভু মোক বোলো বাৰেবাৰ। • বুঢ়াবে আগতে কাটি কৰিবে| দোহাব॥ ১৬৬১ বাপক কবন্ত কোপ লখাই মহাবীৰ। নিবন্তবে কম্পে আতি সকল শৰীৰ॥ ক্ৰোধ দেখি ৰামে লক্ষ্মণৰ হাতে ধৰি। বিনয় বচন জনে চিত্ত শান্ত কৰি॥ ১৭৬২ ভালে জানো লখাই মোত ভকতি কৰম। ব্যসনে মগন ভৈলো তাৰিতে পাৰস। যদি স্নেহ আছে কৰা আমাৰ সম্মত। পৰিহৰ বাপ ইটো ক্ৰোধ ভাৰ যত। ১৭৬৩ যদি প্ৰিয় হৱ মোৰ বাক্য কৰ হিত। বাপৰ চৰণ সেৱা কৰ নিতে নিত॥ মই বন গৈলে পালা মাতৃত সকলে। ৰাজ্য ভাৰ বহিবে ভৰত অনুবলে॥ ১৭৬৪ শুনি লক্ষ্মণৰ কোপ উপশাম ভৈল। হস্তীমদ যেহেন হস্তীতে অন্ত গৈল॥ যেহেন সৰ্পৰ বিষ শিখাগ্ৰক গৈল। নমাই আনি গাৰুড়ী নিষ্প্ৰভ কৰি থৈল॥ ১৭৬৫ একো পক্ষে ৰাঘৱৰ চিত্ত নলৰিল। হাতযোৰে লখাই গৈয়া চৰণে পৰিল॥ শুনিয়োক দদা মোৰ কৃপাময় মতি। ৰাজ্য ভোগ শতেক তোমাৰ পাৰে গতি॥ ১৭৬৬