১৮ ৰামায়ণ কদাচিতে৷ মাৱৰ শৰীৰ নোহে থিৰ। দুভাইবো দেখিয়া নয়নৰ ঝৰে নীৰ॥ শ্ৰীবামে বোলন্ত লখাই শুন মোৰ বাণী। আবেসে নিজীৱে নাৰ জগত গোসানী॥ ১৭২৩ স্ত্ৰীজিত পিতৃৰ নকৰি তুমি বাক। বনক নযাইবে বাপ মোৰ পাশে থাক॥ ১৭৩০ লক্ষ্মণৰ ক্ৰোধ; শ্ৰীৰামৰ কৌশল্যা আৰু লক্ষ্মণক প্ৰবোধ দান। অগনি দহৱে পিম্পলিৰ দিয়া পথ। আৰ মোৰ শোকত নিজীবে দশৰথ॥ সিংহৰ ভাৰ্য্যায়ে ছাগ প্ৰসবিল মোক। মোহোৰ কাৰণে কৌশল্যাৰ এত শোক॥ ১৭২৪ কৈকেয়ী মাৱে আতি বৰ পাপ পাইল। পাচে কতোক্ষণে কৌশল্যাৰ প্ৰাণ আইল॥ সন্ধুক্ষণ হুয়া নাৱে মাথা তুলি চাইল। তান বোলে বন যাইবা কিনো বিপবীত॥ ১৭৩১ কৈকেয়ী পাপিষ্ঠী নৃপতিত ৰাজ্য মাগে। দুই পুত্ৰ কান্দে তাক দবশন পাইল॥ ১৭২৫ | বৈৰীণীৰ বোলত মৰিতে কেন লাগে। উঠি বসি কৌশল্য৷ ৰামৰ গলে ধৰি। মৰিলোহো বুলিয়৷ অনেক মন্যু কৰি॥ হা বিধি মোৰ কোন কাৰ্য্যক কৰিলে। আগে নিধি দিয়া কেন পাচত হৰিলে। ১৭২৬ মোহোৰ হৃদয় বক্ৰ লোহায় গঢ়িল। তোৰ বনবাস শুনি প্ৰাণ নছাৰিল॥ জানিলো কৈকেয়ী আবে স্বামীক বধিল। তোমাৰ আগত বিধি মবিবে নিদিল॥ ১৭২৭ হাত যোৰ কৰি বোলে প্ৰেত মহীপাল। সব দুখ এৰাই সত্বৰে কৰা কাল॥ চিত্ৰগুপ্ত তুমি কেনে পাগৰিলা মোক। পাঁজি মোচ সত্ববে কাতৰ কৰো তোক॥ ১৭২৮ অপায় মিলিল কিনো অযোধ্যা নগৰ। শুচি মুখে কৈকেয়ীয়ে শুষিল সাগৰ॥ টীপচিৰ বাৰে মেৰু পৰ্ব্বত উড়িল। তুনি সাপে সব নাগপুৰীক গিলিল॥ ১৭২৯ তোমাক পাঠাইব বন দশৰথ ৰায়। তান্তোধিক মোৰ বাক্য পালিতে যুৱাই॥ শুনিয়া লক্ষ্মণে হেন বুলিলন্ত বাণী। | উত্তম বুলিলা মাৱ জগত গোসানী॥ স্ত্ৰীজিত বৃদ্ধ বাপ কপট চবিত। হেন বুলি ক্ৰোধিলন্ত লক্ষণ প্ৰচণ্ড। বুঢ়াবে আগতে কাটি কৰোঁ খণ্ড খণ্ড॥ ১৭৩২ ভৰতক সাৰাইল তোমাক পৰিহবি। নিৰ্ম্মল কৰিবে৷ আজি অযোধ্যা নগৰী॥ সমদলে সাজি আসন্তোক মহীপাল। লক্ষ্মণৰ হাতত সবাবে৷ হৈব কাল॥ ১৭৩৩ অশ্বদল গজদল নৰদল ছেদি। আজি মই শোণিতে বোৱাইবো এক নদী॥॥ মাতুলে সহিতে যদি সাজিয়া আসয়। লক্ষক ভৰতো মোৰ লাহাৰি নসয়। ১৭৩৪ দেৱগণ সমে ভৰতত অনুবলে। ইন্দ্ৰ দেৱে৷ ধাৰ যদি কৰে সমদলে॥ তাহাঙ্কো জিনিবো আজি সমৰব নাজ। মই আজি তোমাক কৰিবে৷ যুৱৰাজ॥ ১৬৩৫ ভৰতৰ পক্ষ যক্ষ ৰাক্ষস অহুৰ। ৰণমাজে সবাৰে কৰিবে৷ দৰ্পচূৰ॥ নন্দী মহাকালক জিনিবো গণপতি। কাৰ্ত্তিকক জিনিবো দেৱৰ সেনাপতি॥ ১৭৩৬
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২৬
অৱয়ব