পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ ৰামায়ণ তোমাৰ বাপক সেৱা কৰিলো বিস্তৰ। সিকালত ৰাজা মোক দিলা দুই বৰ॥ এক বৰ লৈলো ভৰতক দিবো বাজ। তুমি বন যাইবাক বুলিলো আৰ কাজ॥ ১৬৯৪ পিতৃ সত্য পালিতে আছয় যেবে মন। ৰাজাৰ আদেশ ভৈল চলি যাইয়ো বন ৰাজ্যৰ বাসনা এৰি চিৰ জটাধৰ। চৈধ্য বৰিষক লাগি বনবাস কৰ॥ ১৬৯৫ শুনিয়৷ ৰামৰ ভৈল ৰাজ্যত নৈৰাশ। হাস্য কৰি বোলন্ত যাইবোহো বনবাস || ইসে কাৰ্য্যে মাৱ মোৰ দহে কলেবৰ। আপুনি আদেশ নকৰিলা ৰাজেশ্বৰ॥ ১৬৯৬ ৰাঘৱে বোলন্ত মাৱ বাক্য শুনিয়োক। শীঘ্ৰ দূত পঠাই ভৰতক আনিয়োক। যাৱে প্ৰাণ ধৰিয়া আছন্ত মহাৰাজ। অবিলম্বে ভৰতক আনি দিয়ো ৰাজ॥ ১৬৯৭ বাপক আশ্বাস বুলি পালিবেক জন। পিতৃদ্ৰোহী ৰাম হেৰা চলি গৈলা বন॥ শুনিয়োক বাপদেও অজৰ নন্দন। পিতৃদ্ৰোহী ৰাম হেৰা বোলয় বচন॥ ১৬৯৮ অনাথিনী মাৰ মোৰ পালিব কেমনে। মই চলি যাও হেৰা ঘোৰ তপোবনে॥ শুনিয়োক বাপ পৃথিবীৰ নিজনাহা। বদন কমল দেখো মাথা তুলি চাহা॥ ১৬৯৯ দেখোহে৷ দুৰ্লভ পুনৰপি দশন। আশীৰ্বাদ কৰিয়োক চলি যাও বন॥ কৈকেয়ী বোলে ৰাম বোলোহো তোমাক। যাৱে থাকা তুমি তাৱে নুতুলিবে মাথা॥ ১৭০০ লজ্জ৷ ভৈলা বিস্তৰ ৰাজাৰ মন দুখ। তুমি সত্য পালিলে ৰাজাৰ হৈবে সুখ। বুলিলি বচন হিত আনিবো ভৰত। তুমি বন গৈলেহে ৰাজাৰ বহে সত॥ ১৭০১ কৈকেয়ীৰ বাক্য শুনি নিষ্ঠুৰ স্বভাৱ৷ হা ৰাম বুলি ৰাজা এৰিলন্ত গাৱ | ক্ষণকতে ৰাজাৰ মোহিত ভৈল মতি। আসনেতে মূচ্ছ। গৈলা অযোধ্যাৰ পতি। ১৭০২ দুখ দেখি ৰাজাৰ বুলিল৷ ৰামে কাজ। কৈকেয়ীক বুলিল| এৰিয়া মুখ লাজ॥ আমাক নিষ্ঠুৰ বাপে নোবোলন্ত বাণী। হেৰ হাত যোৰো হুখে থাকিয়ে৷ গোসানী॥১৭০৩ মোত নুবুলিলা তুমি ভৰতৰ কাজ। প্ৰাণ দিতে পাৰোহে৷ আছোক ধনৰাজ॥ মোৰ বনবাদত বাপক দিয়া দুখ। ইনো ৰাজ্য ভাব কত বব হুইবে মুখ || ১৭০৪ কৌশল্যাৰ আগত শ্ৰীৰামে কৈকেয়ীৰ বৰ প্ৰাপ্তিৰ বৃত্তান্ত কথন। অন্তেষপুৰে যতেক ৰামৰ শত মাৱ। শুনি সন্তাপিত ভৈল উদবেগ ভাৱ॥ কৈকেয়ীক ভয়ে সবে সঙ্কোচিত মতি। কৌশল্যাত জনাইবাক নভৈল শকতি॥ ১৭০৫ উদবেগে বিকলে ভ্ৰমন্ত মন্যু কৰি। হা হা অনাথ ভৈলা অযোধ্যা নগৰী। পাপিষ্ঠী কৈকেয়ীৰ ভৈল কিনো মন্দমতি। ভৰতক ৰাজ্য দেই ৰামৰ বিপতি॥ ১৭০৬ এহি কাজে পাপিষ্ঠী ভৈগৈল সুভাগিনী।

ৰামৰ ৰাজ্যত বহু পাতিল বিঘিনি॥
হা ৰাম বাপু তুমি আপুতিৰ পো।

! হুমৰন্তে তোমাক চক্ষুৰ বহে লো॥ ১৭০৭