অযোধ্যাকাণ্ড স্থৰগণ বন্দী কৰি দিবোহো সকলে। স্বৰ্গ ভোগ ভুঞ্জন্তোক মোৰ বাহুবলে॥ অভিলাষ আছে যেবে চৌদান্ত নাগত। দিগ্গজক বন্দী কৰি দিবোহে৷ আগত॥ ১৬৮০ বহুতৰ বিতক বাপৰ মন জানি। মেৰু গিৰি উপাৰি আগত দেউ আনি॥ মোহোৰ আগত কিছু নোহে দেৱাহুৰ। মুঠিৰ প্ৰহাৰে পৰ্ব্বতক কৰে৷ চূৰ॥ ১৬৮১ আজ্ঞা বাধে আসি যেবে নৃপতি নিকৰ। জিনিয়া আনিবো আজি ৰণৰ ভিতৰ॥ হাতত নৰাচ ধৰি পৃথিবীক ভেদো। মুখ্য মুখ্য নাগব ফনাক সবে ছেদো॥ ১৬৮২ আজ্ঞা পাই বাপব পাতাল পূৰে যাও। সৰ্পৰাজ বাহুকীক বান্ধিয়৷ ভেটাও। নিৰন্তৰে নাগক অন্তক লাগি নিবো। শৰৰ সন্ধানে সাত সাগৰ শুষিবো॥ ১৬৮৩ ৰত্ন সব দিয়া মন বাপৰ পূৰিবো। তিনি ভুৱনক নুহি একত্ৰ কবিবে|॥ ব্যাঘ্ৰ মুখ চন্দ্ৰ মুখ চন্দ্ৰ জেতাপন। দীৰ্ঘবাহু হুবাহু প্ৰচণ্ড সমৰ্দ্দন॥ ১৬৮৪ সমতন নতাসন সমুদ্ৰ সমান। ত্ৰিভুবন কম্পন সক পাতাল নাশন॥ ধেনুক প্ৰলম্ব বাণ নৰক সমুৰ। অনুহাদ হাদ এক নয়ন প্ৰৱৰ॥ ১৬৮৫ এহি আদি কৰিয়া দুৰ্জ্জয় মহাস্থৰ। একে৷ একে৷ বীৰে দেৱ দৰ্প কবে চূৰ॥ দেৱগণ গজ যেন অসুৰ কেশৰী। লোকৰ সন্ধানে কাপে নাগৰ নগৰী॥ ১৬৮৬ বাপৰ আজ্ঞায়ে এসঘাত মান ছাৰো। সকলে দানৰ মুণ্ডে মুণ্ডে হানি মাৰো॥ ১৫ তিনিয়ো ভুবনে মোক নাহি সমসৰ। বাপক কৰিবে৷ তিনি ভুবন ঈশ্বৰ॥ ১৬৮৭ যুবত হৈবাক ইছা বাপৰ মনত। তান বৃদ্ধ ভাৰ লৈয়া কৰো পৰিবৰ্ত্ত॥ ঘোৰ পাপ কৰি কোনে জনিল তৰাস। তান পৰিৱৰ্ত্তে নৰকত দিবে৷ বাদ॥ ১৬৮৮ পুত্ৰ হুয়া নকৰয় পিতৃক নিস্তাৰ। সিটে৷ পুত্ৰ ভৈল পৃথিবীৰ মহাভাৰ॥ জীয়ন্তে নোপোষে মৰিবাক বাট চাই। নবক ভুঞ্জিতে সিটো কৰয় উপায়॥ ১৬৮৯ বাপৰ আজ্ঞাক বাধে আছে৷ তাক ধিক। আজ্ঞা কৰা যেবে ঘৰে ঘৰে মাগো ভিথ। দেশান্তৰ কৰো নোহে হাতে খাণ্ডা ধৰো। হৃদয়ত খাণ্ডা হানি প্ৰাণ পৰিহৰো॥ ১৬৯০ নিষ্ঠে বোলো যাপি বাপৰ আজ্ঞা পাও। ৰাজ্য পৰিহৰি তেবে বনবাসে যাও॥ যেহি বোলা পিতৃ তাকে কৰিবাক পাৰো। নোবোলন্ত কিছু পিতৃ আত মই হাৰে৷॥ ১৬৯১ মৰিব বচন শুনি প্ৰগুণ স্বভাৰ। নিষ্ঠুৰ বুলিতে লৈল ভৰতৰ মাৰ॥ কৈকেয়ীৰ শ্ৰীৰামৰ আগত বৰৰ বৃত্তান্ত কথন — শ্ৰীৰামৰ বনবাসত সম্মতি দান। শুন পুত্ৰ ৰাম তই বোলো তোত কাজ। হেন আজ্ঞা কৰন্ত তোমাক মহাৰাজ॥ ১৬৯২ দেৱাহুৰ যুদ্ধ মহা মিলিল পূৰ্ববত। দানবে জিনিল দেৱতাক সমৰত। ইন্দ্ৰে নিলা নৃপতিক কৰিয়া সম্মান। অহুৰক জিনিয়| আসিল৷ মোৰ থান॥ ১৬৯৩
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২৩
অৱয়ব