38 যেন পূৰ্ণচন্দ্ৰে অমৃত তেজে দুধাৰ ॥ দুখক দেখিয়া ৰাহুগ্ৰস্ত হুয়া ৰাজাৰ বিষাদ ৰামৰ চিত্ত লৰিল। কৰি বিমৰিষ ভূমিত আসি পৰিল॥ ১৬৬৯ ভূমি পৰিৱৰ্ত্ত হৰষিতে আতি সাগৰ যেন শুখাইল। বিষাদক বৰ পাইল॥ মই জানে৷ একো তথাপিতো মাথা একবাৰ মোক কায়ে বা বাক্যে বা মনে। একো নজানিলো মোক বিষাদিত মনে॥ ১৬৭০ কিছু নবুলিল| আন। ৰাঘৱে বোলন্ত যেন ভৈল আতি কহিওক তুমি যেন সূৰ্য্যদেৱ মিলি গৈল অপমান॥ পৰম অমৃত দোষ নৈয়ো কৰে৷ দশৰথ হেন কোনবা মিলিল দোষ। আতি দুখময় ৰাজা দশৰথ ৰাম হেন বুলি কি কাৰ্য্যে বাপৰ পৰম মঙ্গল তুলি নচাৰন্ত কৰে বাপ অসন্তোষ॥ ১৬৭১ শুনা সামাজিক জনে। কৰা মন উপশায়। শুনিয়োক মাৰ কি কাৰণে ইটে। এৰাইব আৰ কমনে। ৰামৰ চৰিত্ৰ ৰাজায়ে৷ আপদ বিষয়ক জানি মিলোক সবাৰো ডাকি বোলা ৰাম ৰাম॥ ১৭৭২ ৰামায়ণ দশৰথৰ বিষাদ দেখি শ্ৰীৰামৰ আশ্বাস বাক্য পদ। বাপৰ ইন্দ্ৰ : প্ৰতি ভৈল ক্ৰোধ মন। বান্ধিয়া গিত আনি দিবে৷ এতিক্ষণ॥ দশ দিকপাল পূৰ খোজা নৃপবৰ। বশ্য কৰি দিবে৷ আজি ধৰি ধনুশৰ॥ ১৬৭৩ পিতৃপূৰ পয়ান কৰিবো একেশ্বৰ। বন্দী কৰি আনিবো যমৰ পৰিকৰ॥ ক্ষত্ৰ বীৰ যতেক আছয় ৰবিতলে। কেহো নোহে শকত মোহোক বাহুবলে॥ ১৬৭৪ কাহাকে৷ মাৰিবো কাকো কমৰত ধৰি। বাপৰ আগত বান্ধি দিবো জড় কৰি॥ গজ কন্ধে বীৰ মোক নাহি সমসৰ। ঘোড়াৰ পিঠিত মই অজয় পাথৰ॥ ১৬৭৫ ৰথে বা পয়দা মোক কেহো নোহে সম। অৰি বিমৰ্দ্দন সাক্ষাতে মই যম॥ ত্ৰিভুৱন বীৰ সমে একেশ্বৰ যোড়ো। দুৰ্জয় মালক সবে ধৰি ঘাড় মোড়ো॥ ১৬৭৬ মহা মহা বীৰৰ হৃদয় কোণ্ডে ফোড়ো। খাণ্ডাৰ প্ৰহাবে আজি ৰিপুশিৰ তোড়ো॥ সাতো দ্বীপ৷ পৃথিবী ৰুধিময় কৰি। তিনি সাত বাৰ ফুৰি ক্ষত্ৰিয় সংহৰি॥ ১৬৭৭ হেন যামদগ্নি ৰাম দুৰ্জ্জয় শৰীৰ। কান্ধত কুঠাৰে মোৰ আগে ভৈল থিৰ॥ জিনিলোহো তাহাক বাপৰ বিদ্যমান। নিষ্প্ৰভ হুয়া গৈল৷ আপোনাৰ থান॥ ১৬৭৮ দেখিলন্ত আপুনি নৃপতি দশৰথ। শৰে হানি নিৰুধিলো তান স্বৰ্গপথ॥ দেৱৰাজ হৈবাক বাপৰ আছে মন। ইন্দ্ৰক খেদায়া থাপিবোহে৷ এতিক্ষণ ৬৭৯
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/২২
অৱয়ব