ৰামায়ণ ১০ শুন বোলে৷ পাপিষ্ঠী বধিতে ভৈলি মোক। কুল বিনাশক লাগি বিহাইলোহো তোক॥ বাঘৱে বা মন্দ তোক কৰিলেক কিস। বা পুত্ৰক বধিতে বুলিলি বাক্য বিষ॥ ১৬১৯ ৰাম হেন পুত্ৰ মোৰ আতি শুদ্ধ মতি। কৌশল্যাতোধিক তোত কৰয় ভকতি॥ ৰাম গুণে তুমি সৰ্ব্বে জনব উল্লাস। কোন অপৰাধে তাঙ্ক দিবে৷ বনবাস॥ ১৬২০ শুদ্ধ চিত্ত ৰামৰ অনিষ্ট চিন্ত কিক। মহা বৈৰী ভাৰ্য্যা আছে কোন তোতধিক॥ চৰণত ধৰে৷ তোৰ কৃপা কব মোক। নকৰিবি জোহ দায়া কৰ ৰাম পোক॥ ১৬২১ মোৰ চিত পৰীক্ষা কবিলি পৰিহাস। কৃপা কৰ মোক চৰণৰ ভৈলো দাস॥ হেন বুলি চৰণত পবিলা নৃপতি। কৈকেয়ী নিষ্ঠুব বোলে নিকাৰুণ মতি॥ ১৬২২ ত্ৰৈলোক্যত জানে দৃঢ় চিত্ত দশৰথ। আল জাল এৰি তুমি পালিয়ো শপত। শিৰি বাজা কপোতক অভয় দিলন্ত। আপোনাৰ মাংস কাটি শেন তুষিলন্ত॥ ১৬২৩ সত্য পালি ৰামক সত্বৰে পঠাৱ বন। হুহিবা তোমাৰ আগে তেজিবে৷ জীৱন। হা বুলি দৃশবথ পৃথিবীত লুটি। হা বাম পুত্ৰ বুলি প্ৰাণ যাওক ফ.টি॥ ১৬২৪ আতি সুচৰিত বাম বন যাইবি তই। কেনে প্ৰাণ ধৰিবো কৌশল্যা সমে মই॥ যদি মোত শোধে লোক বৃদ্ধ গুৰুজন। কেনে বাজ৷ বাৱক পঠাইলন্ত বন। ১৬২৫ সত্যে বোলো প্ৰাণেশ্বৰী এৰা ই বচন। কৰিবে গৰিহা মোক আনো দেশী জন॥ I স্ত্ৰীজিত ক্ৰৰ ৰাজ৷ নিকাৰুণ মন। শোক জ্বালি ৰাঘৱক পঠাইলন্ত বন॥ ১৬২; পৰম দুষ্কীৰ্ত্তি মোৰ বৈল দেশে দেশ। হেন জনবাদে মোৰ প্ৰাণ ভৈল শেষ॥ শিশুকালে ৰাঘৱৰ বৰ দুখ ভৈল। ব্ৰহ্মচৰ্য্য আচবন্তে কতো কাল গৈল॥ ১৬২- যেবে আসি মিলিল ৰাজ্যত উপভোগ। । বনবাস খাটিবেক কিনো বিধি যোগ॥ ছল পাশে কবিলেক নৃপতিক বন্দী। বামনে বলিক যেন নানা বোলে ছান্দি॥ ১৬২৬ খনো মূৰ্চ্ছা যান্ত খনো চেতনক পাইল। অনেক বিষাদে তান ৰজনী পুহাইল॥ মন্ত্ৰী পুৰোহিত যত ৰামত ভকত। অভিষেক সাজে মিলিলন্ত দুৰাবত॥ ১৬২৯ শিঙ্গা শখ আদি কৰি সুমঙ্গল যত। আভৰণে আঠ কন্যা ভৈল উপগত॥ শুকুল চামৰ ফল পুষ্প দধি ক্ষীৰ। হুবৰ্ণ ঘটত সাত সাগৰৰ নীৰ॥ ১৬৩০ গঙ্গ৷ যমুনাক আদি যত তীৰ্থজল। শ্বেত ছত্ৰ জ্বলে যেন চন্দ্ৰৰ মণ্ডল॥ সুৱৰ্ণৰ কুম্ভত হুগন্ধ ভৰি জল৷ সুবৰ্ণ পতাকা ধ্বজ ৰচিল বিৰল॥ ১৬৩১ নিৰন্তৰে লৈয়া অভিষেক সাজ যত। সবহি মিলিল আহি সিংহ দুৱাৰত। মন্ত্ৰী পুৰোহিত মিলি আলোচিল কাজ। সুমন্ত্ৰক বুলিল জনায়ো মহাৰাজ॥ ১৬৩২ ববিৰ উদয় ভৈল নুযুৱাই হেলা। ৰাম অভিষেকৰ লগ্নব হৈল বেলা॥ শুনিল সুমন্ত্ৰ হেন বচন বিশেষ। অন্তেষপুৰ দুৱাৰত ভৈলন্ত প্ৰবেশ॥ ১৬৩৩
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১৮
অৱয়ব