ilg আহুতিব শেষে বাগে আনন্দিত মনে। দেৱ ঘবে থাকিলন্ত কুশব শয়নে॥ বাত্ৰি প্ৰহৰেক থিতে ৰামে চালি গাৱ। শৰীৰত অলঙ্কাৰ পিন্ধি নানা ভাৱ॥ ১৫৬১ উষা কাল ভৈল জানি বিধিব বিধানে। পূৰ্ব্ব সন্ধ্যা উপাসিল হৰিক ধিয়ানে | আনো সব নিয়মক কৰি এক চিতে। আনন্দে ৰহিলা ৰাম সীতা সমন্বিতে॥ ১৫৬২ নিৰন্তৰে প্ৰজাগণে মনত কৌতুকে। নগৰীক অলঙ্কত কৰিল উৎসুকে॥ বিচিত্ৰ পতাকা ধ্বজ তুলিয়া ধৰিল। হাট বাট পুষ্পে গন্ধে ধূপে আৱৰিল॥ ১৫৬৩ জীবন সাফল প্ৰজ। বোলে নিৰন্তৰ। ৰামচন্দ্ৰ হৈব আজি ৰাজ ৰাজেশ্বৰ॥ চিৰ কাল জীৱ বুঢ়া ৰাজ৷ দশৰথ। যাহাৰ প্ৰসাদে সাফলিল মনোৰথ! ১৫৬৪ সূৰ্য্যৰ বংশত ধন্য ভৈলা উতপতি। ৰাঘৱক ৰাজ্য দিতে যাব ভৈল মতি॥ ৰাম অভিষেক শুনি সহৰিষ মনে। নগৰী ভৰিল আসি আনো দেশীজনে॥ ১৫৬৫ হাসো হাসো কৰে পুৰী অযোধ্যা সম্প্ৰতি। নৃত্য গীত বাঢ্যে যেন দেখি অম্ৰাৱতি॥ মন্থৰাৰ কৈকেনাক কুমণ। দান। কৈকেয়ীৰ কুবুজী মন্থৰ৷ তাৰ নাম। প্ৰাসাদ উপৰে চড়ি দেখে অনুপাম॥ ১৫৬৬ হাট বাট নগৰী পূৰিল সৰ্ব্বজনে। দেৱগণে ক্ৰীড়ে যেন স্বৰ্গৰ ভুবনে॥ ৰামায়ণ কেহে৷ গাৱে কেহো বাৱে কেহো কৰে ৰোল। আউবে আউব হৰিষে ধৰিয়৷ কোলে কোল॥১৫৬৭ নৃত্য গীত শব্দ বাজয় বাদ্য ভণ্ড। পতাকা তোৰণ ধ্বজ চিন চোণ্ডাদণ্ড॥ ! ভৰতৰ ধাইত কুজীয়ে পুছে কাজ। বিপৰীত ৰঙ্গ দেখে৷ ব্ৰাহ্মণ সমাজ॥ ১৫৬৮ আনন্দ উৎসাহ নগৰীত ভৈল জনে৷ জয় নন্দি ঘোষে লোকে সহৰিষ মনে॥ কৌশল্যা ৰাজাব মাৱ ৰাজাত বিনয়। যেন স্বৰ্গ জনৰ আনন্দ জয় জয়॥ ১৫৬৯ ধাই বোলে কুঞ্জী তই নলক্ষিলি কাজ। দশৰথে বামক কবন্ত যুবৰাজ॥ এতেকে কৌশল্যা ভৈলা আনন্দিত চিত্ত। তনয়ৰ আনন্দ দেখিবা নিতে নিত। ১৫৭০ ধাইৰ বচন শুনি কুজীয়ে খঙ্গাইল। আথে বেথে গৈয়া কৈকেয়ীৰ পাশ পাইল॥ উঠ উঠ দুহা শয়নক পৰিহৰ। তোহোৰ উপৰে কথা বৰ আথান্তৰ॥ ১৫৭১ সচকিত মনে শয্যা হন্তে চালি গাৱ। কুব্জীত শোধয় কথা ভৰতৰ মাৱ॥ শুন বোলে৷ কুজী তোৰ কেনে দেখো মন। কিনো আথান্তৰ কথা কহ এতিক্ষণ॥ ১৫৭২ কৈকেয়ীক মন্থৰা বুলিল পাচে বাণী। মিলিল তোমাৰ ক্ষয় কিসক নাজানি॥ তুমি যেন শুভাগিনী জানিলোহো কাজ। দশবথে ৰামক কৰন্ত যুবৰাজ॥ ১৫৭৩ অকল্যাণ বৰ আসি মিলিল দুৰ্ঘোৰ। ইটে৷ দুখ সাগৰে উদ্ধাৰ নাহি তোৰ॥ কিনো পাপ কৰিলে৷ যৌতুকে দিল মোক। সতিনীৰ চেড়ী হৈবি দেখিবোহো তোক। ১৫৭৪
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১৪
অৱয়ব