অযোধ্যাকাণ্ড ৰাম অভিষেক শুনি সহৰিষ মনে। জীৱাৰ কাঢ়িয়া হাৰ দিলা তেতিক্ষণে॥ ৰাজ্য দেওক ৰামক নৃপতি দশবথ। লও কুজা প্ৰসাদ ফলিল মনোৰথ॥ ১৫৭৫ ক্ৰোধত খঙ্গিল কুজী জাজ্জ্বল্য সমান। আছাৰিয়া পেলাইলেক কৈকেয়ীৰ দান॥ হাতে হাতে পিশয় বজায়া দান্তে দান্তে। আসজ শুনিয় যেন তেলীয়াৰ জান্ত॥ ১৫৭৬ সাপে খায়। মাৰোক গবল নোহে খাহা। গলে হাণ্ডি বান্ধি নোহে মবিবাক যাহা॥ আবে জানে। ভৈল তোব অধম বিপতি। আপদ কালত তোৰ হেন ভৈল মতি॥ ১৫৭৭ প্ৰলয়ে হবিষ তোৰ পাচ নগনস। চুন্দেবাসে তল বাস পাক গিলম॥ মেবে তোৰ জীবেক স্বপুত্ৰ পৰিবাৰ। ৰাঘৱক ৰাজ্য দিতে বাজাক নিবাব॥ ১৭৮ দশবণ সাগব তবঙ্গী নদী তই। অলপতে শুখাই যাইবি জানিলোহো নই | প্ৰিয়া গঙ্গা কৌশল্যা গম্ভীৰ বেগে বহে। বাম অভিষেকক বেকত কৰি কহে॥ ১৫৭৯ কৈকেয়ী বোলে কুজী হেন সে দাৰুণ। মোহোৰ আগত আসি বোল নিকাৰুণ॥ ৰাম ৰাজ৷ ভৈলে মন্দ নলখোহো আন। ভাতৃক দেখিব ৰামে পুত্ৰৰ সমান॥ ১৫৮৩ গুণৰ সাগৰ ৰাম দেখিলি তই কিস্। অমৃত কুণ্ডত কুজী তই ঢাল বিষ॥ জ্যেষ্ঠ পুত্ৰক দিব ৰাজ্য ধন কোন। দশৰথ ৰাজাৰ নেদেখো কিছু দোষ॥ ১৫৮১ গুণৰ মন্দিব ৰাম বাপ শুদ্ধমতি। কৌশল্যাতোধিক মোত কবয় ভকতি॥ সত্যে সত্যে বোলো কিছু নাই অনায়থা। ভবততোধিক মোৰ ৰামকেসে বেথা॥ ১৫৮২ কতোকাল বাজ্য ভুঞ্জি সহবিষ মনে। ভবতত বামে ৰাজ্য সম্পিব আপনে॥ কুজী বোলে ভাল তুমি ৰামক বখান। ৰাজ বংশে উতপতি কিছুৱে নজান॥ ১৫৮৩ ৰাম বাজা ভৈলে পাচে তাহাৰ তনয়। পুত্ৰ পৌত্ৰ বংশে ৰাজ৷ হৈবেক নিশ্চয়॥ দুয়োকুলে বাজা তাব নাজানস কাজ। ৷ কহিত শুনিলি ভায়েকক দিয়ে ৰাজ॥ ১৫৮৪ তোহোব বাপৰ ভাই জগত বিদিত। তাঙ্ক ৰাজ্য নেদিয়া থাপিলা যুদ্ধাজিত॥ হেন সব জানি তোৰ মতি বিপৰীত। বুদ্ধি হত ভৈলে বোলে নুশুনস হিত॥ ১৫৮৫ সতিনীৰ পোৰ গুণ বখানস কিস। মুখত অমৃত তাৰ হৃদয়ত বিষ॥ অঙ্গাবক দুগ্ধে কৰে শতেক প্ৰক্ষাল। তথাপিতো নেৰয় স্বভাৱ বৰ্ণ কাল॥ ১৫৮৬ ৰাজা ভৈলে ৰাঘৰ ভৰত বনে যাইব। বাগৰ হাতত নুহি প্ৰাণ হুজাইব
- মোৰ বোল নুশুস নুবুজস কাজ।
সকুটুম্বে জানিলে! দেশৰ ভৈলি বাজ॥ ১৫৮৭ 1 মন্থবাৰ কথা মতে কৈকেয়ীয়ে দশৰণক বৰ গোজে আৰু দশৰথৰ পেদ। হেন শুনি কৈকেয়ীৰ বিহৰিল মন। বোলন্ত মহুৰা তোৰ সাফল জীৱন॥ বামক গুছায়া ভবতক দিবো দেশ। কোনবা উপায় ফলে বুলিয়ো বিশেষ॥ ১৫৮৮