অযোধ্যাকাণ্ড স্বপ্নেক দেখিয়া বিচলিত মোৰ চিত। ভূমিকম্পে নিৰ্ঘাত পৰিল পৃথিবীত॥ দুই গ্ৰহ মন্দ মোৰ ৰাহুৱে মঙ্গলে। দৈবজ্ঞে গণিয়া মোত কহিলে সকলে॥ ১৫৪৬ হেন উপঘাতত ৰাজাৰ কাল হয়। প্ৰজাৰ অনিষ্ট আসি মিলিল নিশ্চয়॥ যাবে নৈয়ে৷ জানে লোকে ইটো সবকাজ। সীত৷ সমন্বিতে মোৰ আজি অদিবাস॥ ১৫৫৪ মাঙ্গল্য দিয়োক মাৱ স্ত্ৰীৰ আচাৰ৷ কালি শুভ দিনত তোমাক দিবে৷ ৰাজ॥ ১৫৪৭ : বিঘিনি বিনাশ হৌক সীতাৰ আমাৰ। ৰাঘৱে বোলন্ত শুন কনিষ্ঠ লখাই। প্ৰাণ সম তুমি মোৰ হুভাষিত ভাই॥ ১৫৫৫ আমাৰ ৰাজ্যত তোৰ নাহি বিপৰীত। অধিকলে ভোগ কৰ শোভন চৰিত। লক্ষ্মণক সম্বুধি আৱৰ যত মাৰ। শীঘ্ৰে বেগে চলিয়া গৈলন্ত নিজ ঠাৰ॥ ১৫৫৬ বসিলন্ত সুবৰ্ণৰ আসন বিশেষে। বশিষ্ঠ গৈলন্ত চলি ৰাজাৰ আদেশে॥ সাদৰিলা তাঙ্ক ৰামে সহৰিষ মনে। চলিলন্ত কৌতূহলে ব্ৰহ্মাৰ নন্দনে॥ ১৫৫৭ নৃপতিয়ে পঠাই দিলা মোক তযু পাশ। কালি ৰাজ৷ হৈব৷ ৰাম আজি অদিবাস॥ অদিবাস কৰাই গুৰু চলি গৈলা ৰথে। দেখিলন্ত বশিষ্ঠে আনন্দ সব পথে॥ ১৫৫৮ ' নিৰন্তৰে প্ৰজা বোলে ৰাত্ৰি পৰিহৰি। প্ৰজা পালিবাক বাপে কৰিল৷ আদেশ॥ ১৫৫১ : বাম অভিষেকক দেখিবো নেত্ৰ ভৰি॥ হেন শুনি কৌশল্যাৰ পৰম হৰিষ। তেবেসে আমাৰ হৈবে সাফল জীবন। কৰে কৌতূহল অযোধ্যাৰ যত জন॥ ১৫৫৯ নগৰী জনৰ বাক্য শুনিয়া আশেষ। ৰাজাত কহিয়া গুৰু গৃহত প্ৰবেশ॥ বশিষ্ঠৰ বাক্য ৰামে শিৰত ধৰিল। বেদমন্ত্ৰে অগণিত আহুতি কৰিল৷ ১৫৬০ দেৱগণ সহিতে বিষ্ণুয়ে দেন্ত বৰ। চিৰকাল জীৱ বুঢ়া ৰাজা ৰাজেশ্বৰ॥ ১৫৫৩ শ্ৰীৰামে বোলন্ত কুথিধৰ মোৰ মাৱ। কালি ৰাজা হৈবোহো জনাইলো তযু পাৰ। ৷ আশীৰ্বাদ দিয়া মাৱ কৰিয়ো আশ্বাস। তোমাক ভকতি মনে ভৰত কুমাৰে। তোমাৰেসে আজ্ঞা পালি অন্নপান কৰে॥ তথাপিতো নুবুজোহে৷ কুমাৰ স্বভাৱ। শীঘ্ৰে ৰাজ্য লৈয়োক দেশত নাহি যাৱ। ১৫৪৮। কালি ৰাজ৷ হৈবা চলো আপোনাৰ থান। সীতায়ে সহিতে চাহিয়োক অনুষ্ঠান॥ ৰাজাৰ আদেশ ৰামে মাথে তুলি লৈলা। কৌশল্যাৰ ঠাৱক সত্বৰে চলি গৈলা॥ ১৫৪৯ বাম অভিষেক শুনি সহৰিষ মনে। আসিয়া আছম্ভ আগে সুমিত্ৰা লক্ষ্মণে॥ কথা শুনি কৌশল্যায়ে৷ শুক্ল বস্ত্ৰ ধৰি। আছন্ত দেৱৰ ঘৰে কৃতাঞ্জলি কৰি॥ ১৫৫০ একাস্তিক ধ্যান মনে জগতৰ মাৱ। বিষ্ণুক পূজন্তে ৰামে নমিলন্ত পাৰ॥ শুনিলা কি মাৱ মোৰ কাৰ্য্য সবিশেষ। চিৰকাল জীৱ বুলি কৰিল৷ আশীষ॥ ধন্য মোৰ জীৱন ফলিল মনোৰথ। তুষিলা তোমাৰ গুণে ৰাজা দশৰথ॥ ১৫৫২ সাফল বিষ্ণুত আমি ভকতি কৰিল। কৰ্ম্মগত লক্ষ্মী আসি আপুনি বৰিল॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১৩
অৱয়ব