ৰামায়ণ দশৰথে বোলন্ত সুমন্ত্ৰ মন্ত্ৰীবৰ। ৰামক ৰথত তুলি আনিও সত্বব॥ ৰাজাৰ আদেশ মন্ত্ৰী মাথাত লৈলন্ত। ৰামক আনিয়া আতি শীঘ্ৰে মিলাইলন্ত॥ ১৫৩১ প্ৰাসাদ উপৰে ৰাজা মাথা তুলি চাইল। হৃদয় নন্দন শ্ৰীৰামক ভেট পাইল॥ গন্ধৰ্ব্ব ৰাজাব সমসৰ মনোহৰ। হুকীৰ্ত্তি বিদিত দশো দিশ নিৰন্তৰ॥ ১৫৩২ প্ৰলম্বিত বাহু মত্ত গজৰ গমন। কোমল কমল দল সমান নয়ন | দশৰথে নকৰিল চক্ষুক নিমেষ। পুত্ৰমুখ দেখি ভৈলা হৰিগ আশেষ॥ ১৫৩৩ প্ৰাসাদ নামত ৰথ কৰি পৰিত্যাগ। পাচত সুমন্ত্ৰ ৰামচন্দ্ৰ ভৈলা আগ॥ বাপক দেখিলা ৰাগ প্ৰাসাদ উপৰে। অল্প হাস্য কৰিয়া বোলন্ত দশৰথ। শুনিয়োক শ্ৰীৰাম তোমাৰ হিতপথ॥ ১৫৩৮ জনক পালিবা বুজিবাহ। ৰাজ কায। পুণ্য যোগে তোমাক পাতিবো যুবৰাজ॥ বুলিতে নলাগে তুমি শোভন চৰিত। স্নেহৰূপে ত্ৰিজগতে পালিবাহা হিত॥ ১৫৩৯ আপোন পৰক কিছু নেদেখিবি ভিন। জন প্ৰতিপালিবে জানিবে ছয়গুণ॥ সন্ধি বিগ্ৰহৰ তত্ত্ব আৱৰ আসন। দ্বৈধ সখ্য যান ছয়গুণে দিবে মন॥ ১৫৪০ এহি ছয় গুণে হয় ৰাজাৰ লক্ষণ। সৰ্ব্বকালে শুখে তেবে বঞ্চে ৰাজগণ॥ শুন পুত্ৰ শ্ৰীৰাম আৱৰ কহো বিধি। এহি সাত প্ৰকাৰে ৰাজ্যৰ হোৱে সিদ্ধি॥ ১৫৪১ আপুনি পালিব ৰাজ্য আৰো মন্ত্ৰীগণ। কুবেৰ আছন্ত যেন কৈলাস শিখৰে॥ ১৫৩৪ | বহুমিত্ৰ কৰিব সঞ্চিব বহুধন। প্ৰদক্ষিণ কৰি কৃতাঞ্জলি কৰিলন্ত। যেন নলকুবেৰে চৰণ বন্দিলন্ত॥ ৰামক আনিয়া ৰাজা আলিঙ্গি ধৰিল। গুণৰূপ বৰ্ণাই মাথে চুম্বন কৰিল॥ ১৫৩৫ সুবৰ্ণৰ আননক কৰিলা আদেশ। তাহাতে বসিলা ৰামচন্দ্ৰ হৃষীকেশ॥ ৰামৰ দিপিতি সিংহাসনত লাগিল। ৰবিৰ কিৰণে যে মেৰু উজ্জ্বলিল॥ ১৫৩৬ ৰামক দেখিলা ৰাজা হৰষিত মনে। দৰ্পণত প্ৰতিবিম্ব যেহেন আপনে॥ সভাখন ভৈল যেন নিৰ্ম্মল গগন। ৰাজা সব ভৈল যেন নক্ষত্ৰ শোভন॥ ১৫৩৭ ৰাঘৱৰ কান্তি চন্দ্ৰ সমান বলিল। স্বৰ্গৰ খণ্ডেক যেন ভূমিত পৰিল॥ ৰাজ্য দেশ বশ্য হৈব আনো নানা থান। ৰাজ৷ ভৈলে কৰিব সৈন্যক বহুমান॥ ১৫৪২ পৰজন সমে যেবে ৰাজা কৰে সঙ্গ। হেন অষ্ট প্ৰকাৰে ৰাজ্যৰ হোৱে অঙ্গ॥ যিব৷ ৰাজা আক জানে তাৰ নাহি ভয়। আছোক নৃপতি ত্ৰৈলোক্যতো পাৱে জয়॥ ১৫৪৩ জ্যেষ্ঠ মহাদেই মোৰ সাফলা কৌশল্যা। যাহাৰ গৰ্ভত তুমি উতপতি ভৈলা॥ কুলৰ নন্দন বাপ মোৰ বৰ ভাগ। তুমি ৰাজা হৈবাহা জনৰ অনুৰাগ॥ ১৫৪৪ বৃদ্ধ ভৈলে৷ কৰিলে৷ ৰাজ্যৰ উপভোগ। যজ্ঞ শত কৰিলো ধনৰ উপযোগ॥ দেৱ পিতৃ পুত্ৰৰ নভৈল ঋণ শেষ। প্ৰজাক পালিলো ভালে অনেক বিশেষ॥ ১৫৪৫
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১২
অৱয়ব