পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HAND THE BOOK CAREFULY অযোধ্যাকাণ্ড ৰাজা যুদ্ধাজিতে তাঙ্ক ভালে সাদৰিল। মাস কতিপয় তথা ভৰতে বঞ্চিল। বিবিধ সম্বাদ তথা মিলিল বহুত। ৰামৰ কাহিনী আবে শুনিয়ে৷ প্ৰস্তুত॥ ১৫১৮ ৰজা দশৰথৰ ওচৰত শ্ৰীৰামক যুবৰাজ পাতিবলৈ প্ৰজাসকলৰ অনুৰোধ। প্ৰজা সবে বোলয় হৰিষ কৰে মন। ৰাম যুবৰাজ ভৈলে সাফল জীৱন। ধন্য উতপতি তেবে নেত্ৰৰ সাফল। জীৱন্ততে স্বৰ্গ মহা মিলিবে মঙ্গল॥ ১৫১৯ মন্ত্ৰী পুৰোহিত যত ৰামত ভকত। বশিষ্ঠ প্ৰমুখ্যে নৃপতিত অনুগত॥ মুখ্য মুখ্য পাত্ৰে মিলি সমত কৰিল। দশৰথ ওৱাৰিত সবহি মিলিল॥ ১৫২০ সিংহাসনে বসিয়া আছম্ভ দশৰথ। প্ৰতিহাৰে কৈলা গৈয়া বৃত্তান্ত সমস্ত॥ যত মুখ্য মুখ্য জন তোমাত ভকত। হৰিষে মিলিল আসি সিংহ দুৱাৰত॥ ১৫২১ নয়ন কটাক্ষে ৰাজা কৰিলা আদেশ। দ্বাৰী জনে আনি সবে কৰাইল৷ প্ৰবেশ॥ বশিষ্ঠক দেখি ৰাজা চালিলন্ত গাৰ। যেন ইন্দ্ৰে নমিলা গুৰুৰ দুই পাৰ॥ ১৫২২ বশিষ্ঠ বসিলা তথা আনন্দ বদনে। দশৰথ বসিলন্ত ৰত্ন সিংহাসনে॥ ৰাজাক প্ৰণামি ভক্তি কৰে সৰ্ব্বজনে। ইন্দ্ৰক যেহেন তুতি কৰে দেৱগণে॥ ১৫২৩ সমস্তৰে ভক্তি দেখি দশৰথ ৰায়। বুলিলা বচন পাচে সমস্তকে চাই॥ তোমাসাৰ দেখে৷ আজি প্ৰসন্ন বদন। কিনো বাক্য বুলিতে সবাৰো আছে মন। ১৫২৪ অনন্তৰে পাত্ৰলোকে কৃতাঞ্জলি ধৰি। ৰাজাক মাতিলা পাচে নমস্কাৰ কৰি॥ শুনিয়ো গোসাই নিজ পৃথিবী পালক। ৰাজ ৰাজেশ্বৰ ৰঘুবংশৰ তিলক॥ ১৫২৫ তোমাৰ তনয় ৰাম সাফল জীৱন। নিজগুণে ৰঞ্জিলন্ত নগৰীৰ জন॥ দেৱৰ আগত আমি নোবোলোহো মিছা। ৰাম যুবৰাজ হৈবে সমস্তৰে ইচ্ছা॥ ১৫২৬ ঘৰ্ম্মদুখে আতিশয় পীড়া পায়া জন। মেঘ জল বৃষ্টিক যেহেন কৰে মন॥ ৰাম যুবৰাজ ভৈলে মিলে কৌতূহল। হোৱয় আমাৰ তেবে জীৱন সাফল॥ ১৫২৭ হেন বাক্য শুনি ৰাজা সহৰিষ মন। ধন্য ধন্য প্ৰজা ৰাজা বুলিল| বচন॥ অনুগ্ৰহ আছে মোক জানিলোহো কাজ। অবিলম্বে ৰামক কৰিবো যুবৰাজ॥ ১৫২৮ শ্ৰীৰামৰ অভিষেকৰ আয়োজন। T ফাল্গুন এৰায়৷ ভৈল চৈতৰ প্ৰবেশ। বৃক্ষ সব পুষ্পিত মণ্ডিত সবদেশ। ইহাতে ৰামক ভালে অভিষেক ক্ষৰি। 1 ৰাজ্য ভাৰ সমৰ্পিৰে৷ অযোধ্যা নগৰী॥ ১৫২৯ | শুনিয়ো বশিষ্ঠ কুলদেৱতা আমাৰ। শীঘ্ৰে মিলায়োক আনি সমস্তে সম্ভাৰ॥ ৰাজাৰ বচন সবে জানিল প্ৰস্তুত। শীঘ্ৰে মিলাইলন্ত আনি সম্ভাৰ বহুত॥ ১৫৩০