( ৫৪ ) বুজিবি। ঘৰলৈ ফিৰি যোৱাৰ আশ৷ এৰি পেলা। আজি নিশ্চয় তোক যমৰ ঘৰলৈ পঠিয়াম। [ যুদ্ধ আৰু উলুব্ধ মৃত্যু ] বৃষকেতুৰ প্ৰবেশ ি বৃষকেতু —আহা! অভি দাদা! তুমি বৰ বীৰ। হীন- বল জয়দ্ৰথ আৰু বালক উলুকক জয় কৰিয়ে সংসাৰ তৰিল| বুলি ভাবিছা। আজি মোৰ হাতত তোমাৰ মৃত্যু বিধাতাই লিখিছে। আহা বাৰু। [ যুদ্ধ আৰু বৃষকেতুৰ পলায়ন ] [ কৰ্ণৰ প্ৰবেশ। ] কৰ্ণ—কি অভি! তোৰ চটফটনিত ৰক্ষা নাইকিয়া হল। পিয়াহ খোৱা লৰা দুটিক হৰুৱাই ভাবিছ যে আজি তোৰ ‘বাহাদুৰীৰ’ সীমা নাই? কিন্তু এই কথা জানিবি যে কৰ্ণবীৰৰ হাতৰপৰা আজি সাৰি যোৱা টান। [ যুদ্ধ আৰু কৰ্ণৰ পলায়ন ] ক অভি—অ অঙ্গৰাজ! অঙ্গৰাজ! পলাইছে কিয়? ৰব, ৰব, আৰু ক্ষন্তেক ৰব। অভিৰ বল বিক্ৰম অলপ পৰীক্ষা কৰি চাই যাওক। [ লক্ষণৰ প্ৰবেশ ] লক্ষণ— দাদা৷ অভি! সকলোৱে তোমাক বৰ বীৰ বুলি শলাগে। আজি মোৰ লগত অলপ যুদ্ধ কৰা। জীৱ লৈ ফিৰি যাব পাৰ৷ যদি তেন্তে তোমাক বাস্তবিকে বীৰ বুলিম।
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৪
অৱয়ব