সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 50 ) এনে গৰ্বৰ হৈছে? আজি তোক মাৰি মনৰ শাল নিশ্চয় উভালিম। তাৰ পাচত দুৰ্য্যোধনৰ শত ভাইৰ প্ৰাণ লৈহে ঘৰলৈ ফিৰি যাম। দ্ৰোণ, কৰ্ণ, বা আন কাৰো ৰাখিবৰ সাধ্য নাই। তোৰ কথাকে নকওঁ, ত্ৰিভুবনৰ সকলো ৰথী একত্ৰ হৈ আহিলেও ভীমে ৰণত ভঙ্গ নিদিয়ে। কি কলি নিলাজ! তই আজি পাণ্ডবক বধ কৰিবি? তোৰ নিচিনা সৰু মুখত এনে ডাঙ্গব প্ৰতিজ্ঞা শোভা পায়নে? তই নিশ্চয় জানিবি যে আজি ব্ৰহ্মশাপত পৰিহে তোৰ এনে মতিছন্ন হৈছে; পামৰ!

পামৰ! তোৰ ইমান অহঙ্কাৰ! দাঁতত তৃণ লৈ প্ৰাণ ভিক্ষা মাগি ভীমৰ এই চৰণত ধৰি আহিবৰ কিমান দিন হল? এতিয়া সেই ভীমৰ আগত তোৰ ইমান দৰ্প! আহ, এই গদাৰ কোনত তোৰ মূৰ ভাঙ্গো! দেৱ-দানৱৰ শপত আজি নপলাবি। পলালেও আজি তোৰ ৰক্ষা নাই। আহ্, যুদ্ধ দে— [যুদ্ধ কৰি কৰি ভীম আৰু জয়দ্ৰথ ওলাই যায়। ] [ অভি আৰু উলুক্ৰ প্ৰবেশ ] উলুক—অভি দাদা! হীনবল জয়দ্ৰথক নাভাবিবা যে তুমি কুৰু যুদ্ধ জয় কৰিলা। থাকোঁতে আৰু আগ বাঢ়িব পাৰিবা বুলি আশা ? পৰাস্ত কৰিয়েই আমি ইয়াত নকৰিবা। অভি-- কি কলি নৰাধম? তোৰ নিচিনা এনে মূৰ্খ আৰু অজ্ঞান আছেনে? এই বুদ্ধি তোক কোনে দিলে? ওই নিশ্চয় জানিবি যে, ব্ৰহ্মশাপত পৰিহে মোৰ হাতত বন্ধে, মোৰ কেনে মৰিবলৈ আহিছ। বাক, মোৰ কেনে প্ৰতাপ এতিয়াই