সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

· (৫৫ ) অভি—ভাই লক্ষণ! তোক এই কুবুদ্ধি কোনে দিলে? ভই পিতাৱেৰৰ বৰ মৰমৰ পুত্ৰ। মোৰ কথা শুন। নিজৰ প্ৰাণ লই ঘৰলৈ ফিৰি যা। তোৰ মুখ নেদেখি মাৰে চাগৈ বৰ ব্যাকুল হৈছে। পণ্ডিতসকলে কৈছে বোলে :- আপদাৰ্থে ধনং ৰক্ষেৎ, দাৰাণ ৰক্ষে‍ ধনৈৰপি; আত্মানং সততং বক্ষে‍, দাৰৈপি ধনৈৰপি। মৰিলে তোৰ লগত কোন যাব? ইমান সুখ সম্পদৰ আশা এৰি কিয় মৰিবলৈ আহিছ? ইষ্ট-বন্ধু জনক-জননী, মোমাই- খুৰা, ভাই-ককাই কোনো লগত নাযায়। মোৰ কথা শুনি নিজৰ প্ৰাণ লই ঘৰলৈ যা। মোৰ লগত যুদ্ধ কৰিব নালাগে। লক্ষণ—দাদা! তুমি বাস্তবিকে বীৰপুৰুষ হলে এনে কথা নকলা হেতেন? ক্ষত্ৰিয়ই কেতিয়াবা মৰিবলৈ ভয় কৰেনে? বিশেষ তোমাক পৰাস্ত কৰিব পাৰিলে ত্ৰিভুৱনে মোৰ গুণ কীৰ্ত্তন কৰিব। অভি—ভাই লক্ষণ! যদি নিতান্তই মোৰ লগত যুদ্ধ কৰিবৰ মন আছে, তেন্তে তই ইষ্ট-বন্ধু, জ্ঞাতি-কুটুম্ব, পিতা- মাতাৰ মুখ ভালকৈ চাই লগৈ। হৈ ক্ষমা ভিক্ষা কৰিলে মৰণৰ ক্ষত্ৰিয়ধৰ্ম্ম অনুসাৰে কাতৰ হাত সাৰিব পাৰি। এনে স্থলত তই এই অমূল্য জীৱনটো কেলেই হেৰুৱাব খুজিছ?