(02) চোৰাংকৈ কাৰ্য্য সিদ্ধিৰ বাট বিচাৰিছা। জয়দ্ৰথৰ দেহত প্ৰাণ থাকোঁতে সি কাৰ্য্য নহব। - - ভীম – কি কলি পাপাত্মা! মই তোক বলে নোৱাৰি চোৰাংকৈ সোমাব খুজিছোঁ। মই ভীমহে; আন কোনো নহয়। লাজথকা হলে এনে কথা কেতিয়াও তোৰ মুখৰপৰা নোলায়, কতবাৰ মোৰ হাতত পৰিছিলি; কিন্তু ঘিণ কৰি
নমৰাৰ কাৰণে তই ইমানদিন জীয়াই আছ। দ্ৰোপদীহৰণৰ সময়ত তোক কি দুৰ্গতি আৰু লঘু লাঞ্ছনা কৰিছিলোঁ সেই কথা ইমান সোনকালে পাহৰিলিনে? তোৰ নিচিনা নিলাজ আৰু কোন আছে? মোৰ এই যমদণ্ড সম গদা দেখা নাইনে?। কাৰ সাধ্য আজি মোৰ হাতৰপৰা তোক ৰক্ষা কৰে? আজি সিন্ধুৰাজৰ জল-পিণ্ডৰ আশা সমূলঞ্চে বিনাশ কৰিম! পামৰ! তোৰ ইান সাহ! ভীমৰ আগতে এলে “প। তেত্ৰিশ কোটি দেৱতাৰে লগ লাগি যুজিলেও আজি মোৰ হাতত তোৰ মৃত্যু বিধাতাই লিখিছে। আহ্, যুদ্ধ দে। পামৰ! আজি গদাব বতাহেবেই তোক উৰুৱাই পঠিয়াম। [ যুদ্ধ আৰু ভীমৰ মূৰ্চ্ছা ] জয়দ্ৰথ—আজিৰ দিন বেলেগ। পাচি পাচি খাব পাৰা দেখি তোমাৰ সমান বলী আৰু নাই বুলি ভবা ভ্ৰমটো জয়দ্ৰথে দূৰ কৰিহে এৰিব। আজি মোৰ হাতত পাণ্ডৱৰ মৃত্যু ধুৰুপ। | ভীম উঠে ] ভীম—নৰাধম! কোন ডাঙ্গৰ যুদ্ধত জয়লাভ কৰি তোৰ