সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(-6) (SA) 1503 সুমথিৰ৷—অ আই! আকৌ কি হল! সৰ্বনাশ! পৰিছাৰিক৷— এৰা! হয়! অ আই! উঠক আই! কি সৰ্ব্বনাশ! সৰ্বনাশ! আমি সকলে বিচোঁ, তই আইৰ মুখত অলপ পানী দে। আইব অবিহনে গোটেইখন সংসাৰ আন্ধাৰ যেন হল। এই কালতে যে আইৰ কপাল ফুটিৰ, আমি সপনতো ভাবা নাছিলোঁ। হায়, হায়! আমি মৰি নাযাওঁ কিয়? [ মুখত পানী দিয়ে আৰু বিচে ] উত্তৰা—সখি! মই কত আছোঁ? সুভদ্ৰাৰ প্ৰবেশ। ] সুভদ্ৰা—উত্তৰ৷! উত্তৰা! মোৰ প্ৰাণৰ অভি কত আছে? ক'ত লুকুৱালি? দে দে, উলিয়াই দে। ম‍ই বিচাৰি বিচাৰি এইখিনি পাইছোঁহি। [ কপালত আঘাত আৰু মূৰ্চ্ছা ] । উত্তৰা—( শূন্যলৈ চাই ) আহা! কি মনোহৰ মূৰ্ত্তি! কি অপৰূপ শোভা'! কিৰীটি কি সুন্দৰ? ফুল-ধনুখনি হাতত কেনেকৈ শোভা পাইছে! হৃদয় সৰ্ব্বস্ব! আহিছে? আহক; T আহক! মোক কোলাত লওকহি। জীৱনৰ জীৱন! সেই । ঔফুল যেন ৰঙ্গা ওঠৰ চুমা এটি দিয়ক। অমৃত পান কৰোঁ। হি, হি হি! কি সুখ! এনে মূৰ্ত্তি! এনে অনুপম মূৰ্ত্তি মোৰ স্বামী। কি ভাইগ? নাথ। শুব? শোৱক। ই কি? ই কি? চকু পকাই চাইছে কিয়? খং কৰিলে? দাসীয়ে কিবা দোষ কৰিলে হবলা? উঠিল; যায় গৈ? কলৈ যাব? গল; গল; মৰিলে॥ উঃ মৰিলে।! ৰব; ক্ষন্তেক ৰব।