সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(866) । দ্বিতীয় গৰ্ভাঙ্ক। STE কি চীজ অন্তঃপুৰ? -চা উত্তৰ৷ মূৰ্চ্ছিত, হুমথিৰা আৰু দাসীবোৰে তেওঁক শুশ্ৰূষা কৰিছে। সুমথিৰা—হায়! কি হল? ই কি? সৰ্বনাশ! সৰ্বনাশ SEE T সংসাৰ যে একেবাৰে শূন্য হল॥ পুৰি আন্ধাৰ হল! সখি! উঠক; গা তোলক। [ পানী দিয়ে আৰু বিচে ] 1 উত্তৰ৷—হা নাথ! জীবিতেশ! প্ৰাণবল্লভ! হা হৃদয়- সৰ্ব্বস্ব! দুখিনীক একবাৰ দেখা দিয়ক। অকালতে দুখিনাক অকুল সাগৰত পেলাই গল কিয়? বিধাতা! তোৰ মনত এইছে আছিল? মোৰ মূৰত বজ্ৰাঘাত কৰিলি বাঘা কৰিলি। অকালত মো প্ৰাণধনক কাঢ়ি নিলি। প্ৰাণেশ্বৰ আপুনি কলৈ গল? মই যে আপোনাক নেদেখিলে এক মুহুৰ্ত্তও থাকিব নোৱাৰোঁ; আপুনিও দেখোঁ, মোক দেখোঁ, মোক নেদেখিলে এক মুহুৰ্ত্ত ও থাকিব নোৱাৰে। নাথ! সেই মায়া, সেই স্নেহ পাহৰিলেনে? মইনো আপোনাৰ চৰণত কি দোষ কৰিলোঁ? যম! তই মোকও নে। কুৰুক্ষেত্ৰৰ যুদ্ধত ইমান বীৰ গ্ৰাস কৰিও তোৰ ভোক নুগুচিল। [ কপালত আঘাত ] এই হতভাগিনী এতিয়াও জীয়াই আছে! হৃদয়! তই দুফাল হ। ! 'ওলাই যা। এই জীৱন আৰু কেলেই? [ বুকত আঘাত আৰু মূৰ্চ্ছ] ] প্ৰাণ! তই এতিয়াই যা।