সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৮৬ ) । ভীম—ভাই! দ্ৰোণে অদ্ভুত চক্ৰবেহু ৰচনা কৰি, জয়- প্ৰথক দুৱাৰ ৰক্ষাৰ ভাৰ দিলে। পাপাত্মাৰ হাতত আমি সকলো পৰাস্ত হলোঁ; বেহুৰ ভিতৰলৈ সোমাব নোৱাৰিলোঁ। কিন্তু অভি অনায়াসে জয়দ্ৰথক পৰাস্ত কৰি বেহুৰ ভিতৰলৈ সোমাল। আৰু এজন এজনকৈ সকলোকে পৰাস্ত কৰিলে। পাচে দুষ্টবুদ্ধি দুৰ্য্যোধনৰ পৰামৰ্শমতে সপ্তৰথী একত্ৰ হৈ অন্যায় যুদ্ধত অভিক কাতৰ কৰিলে। কাতৰ কৰিলে। বী-চূড়ামণি পুত্ৰই এবাৰ নহয়, দুবাৰ নহয়, সাতবাৰ নেই সপ্তৰৰ্থীক পৰাস্ত কৰিলে! অৱশেষত অচেতন হৈ অচেতন হৈ মাটিত পৰি আছিল। এনেতে নিষ্ঠুৰ জয়দ্ৰথে কাপুৰুষৰ নিচিনা গদাৰ নিচিনা গদাৰ কোবত বস্তি নুমুৱাই পেলালে। সেই সিন্ধুৰাজ পুত্ৰ পাপাত্মা জয়- প্ৰথৰ হাতত অভি নিধন হৈছে। ম‍ই কত চেষ্টা কৰিও সহায় কৰিব নোৱাৰিলোঁ। অৰ্জ্জুন—কি! সেই পাপিষ্ঠ, পামৰ দুৰাতা জয়দ্ৰথে মোৰ পুত্ৰক বিনাশ কৰিলে? উঃ কি পৰিতাপ। হে চন্দ্ৰ সূয্যাদি দেৱতাসকল! তোমালোক সকলো সাক্ষী। মই কালি সন্ধ্যাৰ পূৰ্ব্বেই জয়দ্ৰথক নিশ্চয় বধ কৰিম; যদি নকৰোঁ,

তেন্তে গোহত্যা, ব্ৰহ্মহত্যা, ভ্ৰুণহত্যা, মাতৃহত্যা, পৰস্ত্ৰীহৰণ, পৰদ্ৰব্য হৰণ, গুৰুদ্ৰোহী, মিত্ৰদ্ৰোহী, ৰাজদ্ৰোহী, পৰান্নভোজী, ইত্যাদি যত মহাপাপ আছে আৰু দেৱলোক, ভুলোক, নব- লোকত যিমান মহা পাপ কৰিছে, সেই সকলো পাপেৰে মই কলুষিত হম। আৰু যদি সন্ধ্যাৰ পূৰ্ব্বে সেই পুত্ৰহস্তাক