সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

((49) বিনাশ কৰিব নোৱাৰোঁ, তেন্তে মই অগ্নিকুণ্ডত পৰি আত্ম- হত্যা কৰিম।। গাণ্ডীব ধনু আৰু নধৰে।। এই মোৰ প্ৰতিজ্ঞা। মোৰ অভিক বিনাশ কৰি শত্ৰু জীয়াই থাকিব আৰু ম‍ই এই জগতত প্ৰাণ ধৰি থাকিম! উঃ মোৰ জীৱ- – – ! 2 নত শতবাৰ ধিক! ধিক মোৰ বাহুবল! ধিক মোৰ ধৰ্ব্বাণ! মই নিশ্চয় এই প্ৰতিজ্ঞা পালন কৰিম। উঃ! মোৰ অনু- পস্থিতিত এনে অন্যায় সমৱ কৰি মোৰ পুত্ৰৰ প্ৰাণ বিনাশ কৰিলে। কালি তাৰ প্ৰতিফল পাব : গাণ্ডীবীৰ হাতৰপৰা জয়দ্ৰথক ৰক্ষা কৰিবলৈ আহি কোন পাপত্মাই জল৷ জুইভ জাহ দিবলৈ নাহ কৰে বুজা যাব। সাতজন যোদ্ধা মিলি কোন নীতি অনুসাৰে - অনাশ্ৰয় বালক এটিক বধ কৰিলে, সেই কথা মোক অস্ত্ৰ-বলেৰে বুজাই দিব লাগিব। দ্ৰোণ! তুমি ব্ৰাহ্মণ হৈ ক্ষত্ৰিয়ৰ যুদ্ধ নীতি ভঙ্গ কৰা একো আচ- ৰিত নহয়। ৰাধাসুত! ভই এনে নীচ বংশত জন্ম লৈ ক্ষত্ৰিয় নীতি পালিবলৈ যে অসমৰ্থ হবি, ই একো নতুন কথা নহয়; কিন্তু কুলাঙ্গাব দুৰ্য্যোধন! তই, পবিত্ৰ চন্দ্ৰবংশত চিৰদিনলৈ কলঙ্ক ৰাখিবলৈ কিয় জনম লৈছিলি? পামৰ, দুৰ্ম্মতি, পাপাত্মা জয়দ্ৰথ! তোৰ চাগৈ আজি নানা অপায় অমঙ্গল মিলিছে; কাৰণ' কালিলৈ তোৰ মৃত্যু ধ্ৰুব নিশ্চয়। সৈন্যগণ—জয় ধৰ্ম্মৰাজৰ জয়! জয় মহাবীৰ অৰ্জ্জুনৰ জয়! জয় কৃষ্ণভক্তিৰ জয়! [ সকলো গুচি যায় ]