সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৮৫) ধৰা। তোমাৰ পুত্ৰ অভি বীৰোচিত কাৰ্য্য কৰি স্বৰ্গলৈ গল। এতিয়া শোক কৰি তাক স্বৰ্গচ্যুত নকৰিব। তেওঁৰ যশে ত্ৰিভুবন ভৰি গল। এতিয়া মোৰ কথা শুনা। যাতে কুৰুকুল নিৰ্বংশ হয় তাৰ চেষ্টা কৰা। তোমাৰ নিচিনা বীৰ পুৰুষ এনেকৈ শোকাতুৰ হোৱা উচিত নহয়। তুমি এই যদি এনে অস্থিৰ হোৱা, ভেন্তে ধৰ্ম্মৰাজক প্ৰবোধ দিব কোনে? চোৱাচোন, তেওঁ শোকত কেনেকৈ মাটিত পৰি কান্দিছে। অৰ্জ্জুন—দাদা! আপুনি সঁচাকৈ কওক। মোৰ প্ৰাণৰ অভি কাৰ হাতত মৰিছে? কোন পাপাত্মাই জল৷ জুইত জাপ দিলে? কাৰ এনে মতিছন্ন হল? ভীম—ভাই! সেই কথা কলেও হৃদয় বিদীৰ্ণ হয়। মই কেনেকৈ প্ৰাণৰ অভিৰ নিধন বৃতান্ত কওঁ? উঃ! মোৰ হিয়া শিলেৰে গঢ়া হল॥ বিধাতা তোৰ মনত এইহে আছিল। তই মোক প্ৰাণসম অভিৰ নিধন বৃতান্ত কবলৈহে স্ৰজিছিলি! পাপ হৃদয়! তই দুফাল হ। প্ৰাণ! তই শীঘ্ৰে ওলাই যা। ম‍ই প্ৰাণৰ অভিৰ শোকৰপৰা নিস্তাৰ পাওঁ। উঃ! কি পৰিতাপ! অভি! কলৈ গলি? [ কান্দে ] অৰ্জ্জুন—দাদা! কান্দিলে কি হব? এতিয়া হৃদয় শিলেৰে বন্ধিক। মনক প্ৰবোধ দি অভিৰ নিধন বাৰ্ত্তা কওক। মই সেই পাপাত্মা পুত্ৰহস্তাৰ সমুচিত দণ্ড বিধান নকৰোঁ মানে ধৈৰ্য্য ধৰিব নোৱাৰোঁ।