সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৮৪) উপায় চিন্তা কৰক। একেবাৰে বিহ্বল নহব। সখি অৰ্জ্জুন! দাদা ধৰ্ম্মৰাজ! তাগা তোলক। [ পানী দিয়ে আৰু বিচে! অভি ক’ত্তা? যুধিষ্ঠিৰ— [গা তুলি | ক’তা? মোৰ নাৰায়ণ! অভি কলৈ গল? হায় মই কি মহাপাপী? সামান্য ৰাজ্যৰ লোভত, কুল-ধুৰন্ধৰ পুত্ৰ অভিক বলি "দিলোঁ। ভবিষ্যত জল-পিণ্ডৰ আশাৰ মূলতে কুঠাৰ মাৰিলে।। উঃ! এনে নিদাৰুণ হিয়া; জীৱ ইমান পৰেও ওলাই যোৱা নাই! মোৰ জীৱন ধিক। ইয়াতকৈ বনবাস সহস্ৰ গুণে ভাল। প্ৰাণৰ অভি! [ কান্দে ] অৰ্জ্জুন—[ গা তুলি ] উঃ কি তুমি কলৈ গলা? আহা, ? আহা, পিত কি পৰিতাপ! পুত্ৰ অভিমনু্যু! পিতা বুলি কোলাত উঠি তা।পত প্ৰাণ শীতল কৰাহি। প্ৰাণধন অভি! উঃ! হৃদয় সৰ্ববস্ব, জীৱনৰ জীৱন, অন্ধৰ নয়ন অভি! তোমাক নেদেখি প্ৰাণ যায়। এবাৰ দেখা দি প্ৰাণ ৰক্ষা কৰা : : তোমাৰ মাৰাক মই কি বুলি প্ৰবোধ দিম? তেওঁ যে তোমাৰ অবি- হনে প্ৰাণ ৰাখিব নোৱাৰিব। বাপা! এবাৰ তোৰ জননীক দেখা দি প্ৰাণ ৰক্ষা কৰা। প্ৰাণধন! তোমাৰ মনত এইহে আছিল? দুৰন্ত যম! তোৰ মনোবাঞ্ছা পূৰ্ণ হলনে? অভিৰ লগতে মোকে৷ মাৰি নিনিয় কিয়? পুত্ৰশোক কি ভয়ানক! ম‍ই কেনেকৈ এই শোকৰপৰা পৰিত্ৰাণ পাওঁ? [ কান্দে ] শ্ৰীকৃষ্ণ—সখি! আৰু নাকান্দিবা। ক্ষান্ত হোৱা, ধৈৰ্য্য