সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 82 ) পঞ্চম অঙ্ক। প্ৰথম গৰ্ভাঙ্ক পাণ্ডৱ ছাউনী [যুধিষ্ঠিৰ মূৰ্চ্ছিত; ভীম, নকুল, সহদেৱ আৰু বক্তাসকৰ ক্ৰন্দন ] [ শ্ৰীকৃষ্ণ আৰু অৰ্জ্জুনৰ প্ৰবেশ ] হৈছে। অৰ্জ্জুন——নাৰায়ণ! ই, কি! আজি পাণ্ডৱ ছাউনী এনে চাষ নিৰানন্দ কিয়? কাৰো মুখত মাত নাই; যেন কাঁহ পৰি জিনহে গৈছে। আজি গোটেই দিনটো মোৰ বাঁও হাত আৰু বাঁও চকু নাচি আছে। নাচি আছে। মনটো উগুল থুগুলকৈ আছে নিশ্চয় জানিছে। গৰাজৰ আজি কিবা ক’তা? ধৰ্ম্মৰাজ যু’ধষ্ঠিৰ কলৈ গল! [ ইপিনে সিপিনে চাই ] --- এইয়া; কি আচৰিত! মহাৰাজ দেখো মাটিত পৰি মুছছ গৈ আছে! ইয়াৰ কাৰণ কি? ৰথী সকলেও দেখো বিমৰ্ষ ভাৱে ৰোদন কৰিছে। তেন্তে প্ৰভো! আমালোকে শ্ৰীচৰণত কিবা অপৰাধ কৰিলোঁ নেকি? শ্ৰীকৃষ্ণ—সখি! তুমি ক্ষান্ত হোৱা। ইমান উদ্বিগ্ন। নবা। যুদ্ধত ক্লান্ত হোৱাত সিবিলাক তেনেকৈ আছে। অৰ্জ্জুন—নহয় সখি! তুমি মোক যিমান প্ৰবোধ দিছা মনে তাক কেতিয়াও মানা নাই। আজি কিবা ডাঙ্গৰ বিপদ