সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 6 ) ) ৰূপ ধ্যান কৰি সমুখ সমৰত পৰি স্বৰ্গলৈ যাম; কিন্তু এই মহাপাতেকৰ ফল আপোনালোকে যুগ-যুগান্তৰলৈ ভূঞ্জিব। কৰ্ণ—পিশাচ! মৰিবৰ পৰত তোৰ মুখত হিতকথা ওলাইছে। এই চা, তোৰ ৰথ-চক্ৰ কাটি পেলাওঁ। [ যুদ্ধ আৰু অভিৰ পতন ] অভি— শ্ৰীকৃষ্ণ, দীনবন্ধু! দাসৰ অপৰাধ ক্ষমা কৰিব। মাতা! ম‍ই আপোনাৰ চৰণ সেৱা কৰিবলৈ নাপালে॥ উত্তৰা! উত্তৰা! প্ৰাণৰ উত্তৰা! তোমাৰ সংসাৰৰ সুখ-ভোগ আজি অন্ত হল! তুমি যেতিয়া এই শোকৰ বাতৰি পাবা, হায়, হায়! তোমাৰ 'কোমল হিয়াবিদীৰ্ণ হৈ যাব! এতিয়া বিদায়। উ—ত—ৰা ( নিমাত ) দুৰ্য্যোধন—গুৰুদেৱ! এইবাৰ অভি নিশ্চয় মৰিল। একেবাৰে অচেতন হৈছে। নিশ্বাস নাই। নাই। দ্ৰোণ—অভি যম ঘৰলৈ গল, তাৰ অলপো সন্দেহ জয়দ্ৰথ—নহয়; কব নোৱাৰি। শত্ৰুত বিশ্বাস কি? ক্ষন্তেক ৰব। মই গদাৰে কোব মাৰি তাৰ মূৰটো ভাঙ্গোঁ। [ গদাৰ কোবত অভিৰ মৃত্যু ] সৈন্যগণ—জয় কুৰুপতিৰ জয়! ধনৰ জয়! জয় গুৰু দ্ৰোণৰ জয়! জয় মহাৰাজ দুৰ্য্যো-