সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(DP) ( 93 ) | কুখ্যাতি আনাত মোৰ যি লাগ লাগিছে তাক কি কম! আহক বাৰু। কাৰ কিমান ক্ষমত| চোৱা যাওক। অৰ্জ্জুন- । পুত্ৰ অভিক সহজে বিনাশ কৰিব পাৰিব বুলি নাভাবিব। যদি হয় ভেন্তে মোৰ বাহুবলো মিছা মিছা। দুৰ্য্যোধন—কি? বালক! সমুখত চোন চাওঁ, কোনে কাক মাৰিব পাৰে। কি চাইছা? ইয়াক এতিয়াই বধ কৰা। চ। জয়দ্ৰথ—যি আজ্ঞা মহাৰাজ। - আৰু ধনুৰ্ব্বাণো বৰ কথা। আহ যোধাৰুসকল! আৰু বিলম্ব কৰা উচিত া নহয়। ইয়াক এতিয়াই মাৰা ভাল। [ অভিৰ প্ৰতি ] অৰ্জ্জুন- পুত্ৰ! তই বালক হৈ ইমান গৰ্বৰ কৰ! এতিয়াই তোৰ গৰ্বৰ খবৰ হব। আহ; যুদ্ধ দে। [ যুদ্ধ আৰু সপ্তৰৰ্থীৰ পলায়ন ] অভি—হে কৃষ্ণ, দীনবন্ধু, দীননাথ! এই বিপদৰপৰা ৰক্ষা কৰা। তোমাৰ প্ৰিয় ভৃত্য অভি, অন্যায় যুদ্ধত প্ৰাণ হেৰুৱায়; চৰমকালত তোমাৰ শ্ৰীচৰণ দৰ্শন দি অভয় দান কৰা। তোমাৰ সেই অভয় পদত যেন মোৰ অচলা ভক্তি থাকে! এই কামনা প্ৰভো! দয়াময়; হে শমনদমন, জগ ভাৰণ, বিপদভঞ্জন হৰি : আৰু যেন এই মৰ্ত্তাভূমিত জন্ম লব নালাগে। দয়াময়! দয়া কৰি দাসৰ এই অভিলাষ পূৰ্ণ কৰা।