সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(92) এনে মহা পাপত পৰি মৰিব লাগিব, তাক সপ্নতো ভাবা নাছিলোঁ। [ ফুটাই ] মহাৰাজ! তাৰ নিমিত্তে চিন্তা কি? সপ্তৰথী একত্ৰ হৈ ৰণ কৰিলে অভি অৱশ্যে সংহাৰ হব। শকুনি — [ এফলীয়াকৈ ] অভি! এইবাৰ কিন্তু ব্যাধৰ জালত পৰিলা। কেইজনক প্ৰবোধ দিব৷? (ফুটাই) মহাৰাজ এই সিংহৰ পোৱালীৰ পৰাক্ৰম কম নহয়। ভালকৈ মন দি যুজিব। সি অকলে কুৰুক্ষেত্ৰত খলকনি লগালে। তাৰ আগত আমি চৰাই-চিৰিকতি : তৃণ-কুটা। সৈন্যৰ তো কথাই নাই। তাৰ আগত নিৰ্ভয়ে থিয় হৈ ৰণ কৰে এনে এজনো ৱীৰ আপোনাৰ ফৈদত নাই।। পাশা খেলাৰ পৰা মোৰ 'ওপৰত তাৰ কোপটো টান। কেনেবাকৈ নাক, কাণ কাটি দুৰ্গতি কৰে বুলিহে ভয়। কিন্তু আটাইবোৰে লগ লাগি ৰণ কৰিলে কাৰো মৰিবৰ ভয় নেথাকে। এতিয়া যাওঁ। দ্ৰোণ–[ মনে মনে} এই কুৰৰুধীয়াই সকলো অনিষ্টৰ মূল। (ফুটাই) তেন্তে মহাৰাজ! বলক।