সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(90) দ্বিতীয় গৰ্ভাঙ্ক। বেহুৰ মাজ? অভিমন্যু। [ সপ্তৰৰ্থীৰ প্ৰবেশ ] খাম্বাজ—ঢিমা তেতলা খ্যানে কৃষ্ণ, জ্ঞানে কৃষ্ণ, কৃষ্ণনাম কৰিছোঁ সাৰ। যি নামৰ গুণে পাপী, হয় ভৱ-নদী পাৰ। কৃষ্ণ আমাৰ জগৎগুৰু, কৃষ্ণ বাঞ্ছাকল্পতৰু, আমি পাপী কৃপা কৰা [ 2 ] তুমি গুণাধাৰ। এজন একে- 2 অভি [ মনে মনে ] ই কি আচৰিত! ভীমসেন বা অন্যান্য সেনাপতিসকলৰ কোনো এজনকো নেদেখোঁ; তেওঁলোক বোধ ছয় বেহুৰ ভিতৰলৈ সোমাব নোৱাৰিলে; জয়দ্ৰথে বাট এৰি নিদিলে হবলা? উঃ! আজি সিংহৰ পোৱালী হৈ ব্যাধৰ জালত পৰিলোঁ। অদৃষ্টৰ লিখন খণ্ডাবলৈ টান। এজনকৈ সমুখ যুদ্ধত সকলোকে পৰাস্ত কৰিলে।। লগে সকলোকে পৰাস্ত কৰা সহজ নহয়; সেই বুলিয়ে ভীত বা নিৰুৎসাহ হম নে? মই সেই ত্ৰিভুবন-বিজয়ী, গাণ্ডীবধাৰী অৰ্জ্জুনৰ পুত্ৰ আৰু জগৎবন্ধু শ্ৰীকৃষ্ণৰ ভাগিন হৈ যদি সামান্য সপ্তৰৰ্থীক দেখি নিৰুৎসাহ হওঁ, তেন্তে মোৰ কলঙ্ক ৰাখিবৰ ঠাই ত্ৰিভুবনত নহব। তেন্তে : মই অৰ্জ্জুনৰ পুত্ৰও মিছা!