সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(8P) ( 93 ) দ্বিতীয় গৰ্ভাঙ্ক। বেহুৰ মাজ! অভিমন্যু। [ সপ্তৰৰ্থীৰ প্ৰবেশ ] খাম্বাজ—টিম৷ তেতলা খ্যানে কৃষ্ণ, জ্ঞানে কৃষ্ণ, কৃষ্ণনাম কৰিছে৷ সাৰ। যি নামৰ গুণে পাপী, হয় ভৱ-নদী পাৰ। কৃষ্ণ আমাৰ জগৎগুৰু, কৃষ্ণ বাঞ্ছাকল্পতক, আমি পাপী কৃপা কৰা [2] তুমি গুণাধাৰ। RSTIST অভি [ মনে মনে ] ই কি আচৰিত! ভীমসেন বা অন্যান্য সেনাপতিসকলৰ কোনো এজনকো নেদেখোঁ; তেওঁলোক বোধ ছয় বেহুৰ ভিতৰলৈ সোমাব নোৱাৰিলে; জয়দ্ৰথে বাট এৰি নিদিলে হৰলা? উঃ! আজি সিংহৰ পোৱালী হৈ ব্যাধ জালত পৰিলোঁ। অদৃষ্টৰ লিখন খাবলৈ টান। এজন এজনকৈ সমুখ যুদ্ধত সকলোকে পৰাস্ত কৰিলোঁ। একে- লগে সকলোকে পৰাস্ত কৰা সহজ নহয়; সেই বুলিয়ে ভীত বা নিৰুৎসাহ হম নে? মই সেই ত্ৰিভুবন-বিজয়ী, গাণ্ডীবধাৰী অৰ্জ্জুনৰ পুত্ৰ আৰু জগৎবন্ধু শ্ৰীকৃষ্ণৰ ভাগিন হৈ যদি সামান্য সপ্তৰৰ্থীক দেখি নিৰুৎসাহ হওঁ, তেন্তে মোৰ কলঙ্ক ৰাখিবৰ ঠাই ত্ৰিভুবনত নহব। তেন্তে : ম‍ই অৰ্জ্জুনৰ পুত্ৰও মিছা |