সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(( 90 ) দুৰ্য্যোধন—মামা! ভাল যুক্তি কৰা হৈছে। আপো- নাৰ মত লৱলৈহে ৰৈ আছোঁ। শকুনি—বাপ!! কি উপায় কৰিছ৷ সোনকালে কোৱা; পলম নকৰিবা। দুৰ্য্যোধন—মামা! সপ্তৰথা বেৰি অভিক মাৰাৰ বাহিৰে আন উপায় নেদেখোঁ। শকুনি—মোৰ ভাগিনহে হয়। বৰ সুন্দৰ উপায়। শুভস্য শীঘ্ৰং; এতিয়া যাবহে লাগে। দুৰ্য্যোধন—মামা! গুৰু দ্ৰোণ আৰু কৃপাচাৰ্য্য ইয়াত সন্মত নহয়; সেই দেখিহে ইমান পৰ ৰৈ আছোঁ। শকুনি—[ এফলীয়াকৈ ] কেনেকৈ হব? অৰ্জ্জুন যে তেওঁৰ প্ৰিয় শিষ্য। তেওঁৰ পুতেককনো আকৌ কোন সতে মাৰে? এতিয়া লাগে যদি শ্লোকে পদে আহিবৰ কথা পাতি পণ্ডিতালি দেখুৱাব। অধৰ্ম্ম হব বুলি আমাক . ভয় খুৱাব। পিছে সিপিনে তেওঁৰ প্ৰিয় শিষ্যৰ অধৰ্ম্মফেৰাত চকু পৰিছিল জানো? শিখণ্ডীক আগত থৈ বাণ মাৰি- লেহে মাৰিলে! ইমান অন্যায়, ইমান অধৰম! বাপুৱে জানো তেতিয়া কথাষাৰি কৈছিল? পাণ্ডৱলৈ এওঁলোকৰ ভয় আৰু ভক্তি দুয়োটি আছে। মাথোন পেটৰ দায়ত পৰি মুখেৰে আমাৰ ফালে তুতুৱাই। . এওঁলোকে মাথোন চুক্ত থাকি বুকত কামুৰিছে। বলেই নাই যদি সেনাপতি মাৰি। যুধিষ্ঠিৰক ধৰি দিম বুলি শপত খাইছিল কিয়? ভিতৰি কিবা এটা ‘মতলব’ আছে।