সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৬৯ ) এৰিব। কাৰো হাক-বচন নুশুনে। এতিয়া উপায় কি? এই কথাত যে সন্মতি দিব নোৱাৰি। [ ফুটাই ] মহাৰাজ ছলে-বলে-কৌশলে শত্ৰু নিপাত কৰা উচিত, সঁচা; কিন্তু মহ মাৰিবলৈ বন্দুকৰ আৱশ্যক কি? সিংহই ইন্দুৰৰ ৰণত ভয় পায়নে? প্ৰথম বাৰ নহয়, দ্বিতীয় বাৰ নহয়, তৃতীয় বাৰ তাৰ অৱশ্যে প্ৰাণদণ্ড হৰ। তথাপি যদি ইন্দুৰৰ হাতত সিংহৰ অপমান হয়, তেন্তে সিংহে তাক অত্যাচাৰ নকৰি নিজৰ মান নিজে ৰাখে। বিশেষ ইন্দুবক অত্যাচাৰ কৰিলে সিংহৰ অলপো পৌষ নাই। এতেকে, মহাৰাজ! অভিৰ লগত আৰু ৰণ কৰি আৱশ্যক নাই। সামান্য বালকক অন্যায় যুদ্ধত মাৰি মিছাতে কলঙ্কভাগা হয় কিয়? ধৈৰ্য্য গাম্ভীৰ্য্যাদিই মহাত্মাৰ লক্ষণ। আপোনাৰ নিচিনা। পুৰুষ যদি অধৈৰ্য্য হয়, তেন্তে ধৈৰ্য্য ধৰিব কোনে? দুৰ্য্যোধন—কি আচৰিত! আপোনালোকৰ কোনোজনেই মোৰ হিত নিচিন্তে; ইমান দিন পুহি পালি ৰখা মিছা হল। ছলে বলে-কৌশলে শত্ৰু বিনাশ কৰাতো আপোনালোকৰ আপত্তি। ইয়াতকৈ দুখৰ কথা আৰু কি আছে? এতিয়া বুজা গল আপোনালোক পেটেৰে পাণ্ডৱৰ ফলীয়া! শকুনিৰ প্ৰবেশ শকুনি—মহাৰাজ! আজি সৈন্যৰ মাজত হাহাকাৰ। শত্ৰু বধৰ কোনো উপায় চিন্তা নকৰিলে আজি কাৰো ৰক্ষা নাই।