সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(93) 1. দুৰ্য্যোধন—গুৰুদেৱ! মোৰ যুক্তি অনুসাৰে কাজ কবি- বনে নকৰে কওক। গহৰি কৰিবৰ সময় নাই। তিনি শকুনি—[ এফলীয়াকৈ ] গহৰি কৰিলেনে৷ বাপুৰ কি হানি হব খুজিছে? হানি হলে মহাৰাজৰহে হব। আধা- পখৰালৈ মন্ত্ৰ কেইফাকি মাতিলেই হল! তেওঁৰনো চিন্তা কি? মাথোন মৰণ হৈছে আমাৰ। সিপিনে অভিকো সৰুৱাব লাগে, ইপিনে দুৰ্য্যোধনৰে৷ মন সন্তুষ্ট। কৰিব লাগে; বাপুব দোধোৰমোৰ। নহলেনো বাৰু এপটি কাঁড় খায়ে চলি পৰেনে? ইপিনে আকৌ কৰ্ণক তেওঁ অৰ্দ্ধৰথা বুলিহে কয়! এইদৰে তো বামুণে দিনে দিনে আমাক ডুবাই। আনিছে। টানি কলে লাগে যদি এতিয়া টিকনি জোকাৰি গুচি যাব- লৈকে ওলাব। বাৰু, এবাৰ মিঠা কথাৰে চোৱা যাওক। ( ফুটাই ) গুৰুদেৱ! সোনকালে এটা উপায় নকৰিলে আজি অভিয়ে আটাইকে মাৰিছে যাৰ। আপুনি থাকোঁতেনো আমি কাৰ ওচৰত কান্দিম? যেনে তেনে ইয়াক আজি নামাৰিলে নহয়। () দ্ৰোণ—বিধিমতে তোমাৰ হিত চিত্তা কৰি শেহত এই মহা পাতকৰ ভাগী হব লগাত পৰিলোঁ। বাক; অভিক মাৰিলেই যদি তোমাৰ অভীষ্ট সিদ্ধি হয়, তেন্তে তোমাৰ মত অনুসাৰেই কাৰ্য্য কৰা হব। অধিক বাক্য ব্যয় কৰাৰ সকাম নাই। কৃপ–[ মনে মনে ] এই দুৰাত্মাৰ ঘৰত থাকিলে যে