সমললৈ যাওক

পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৬৮) কৃপ—এৰা; শুভস্য শীঘ্ৰং। গহৰি কৰিলে বিপদ হে বাঢ়ে। কিন্তু মহাৰাজ! এই বালক শত্ৰু যে সহজে নিপাত হব এনে বোধ নহয়। ইমান দন যুদ্ধ কৰিছোঁ কিন্তু অৰ্জ্জুনৰ বাহিৰে আন কাৰো ইয়াৰ নিচিনা যুদ্ধ-শক্তি দেখা নাই। যেনে অৰ্জ্জুন তেনে অভিমন্যু। তাৰ এতিয়া বয়স নিচেই কম। ডাঙ্গব হলে যে সি কি কৰিব কোৱা টান। হয় স্বৰ্গকে মৰ্ত্তালৈ আনিব, নহলে মৰ্ত্তকে স্বৰ্গলৈ নিব। এতিয়া তাক নাশ কৰিব পাৰিলেহে ভবিষ্যতে আমা- লোকৰ জীৱনৰ আশা; নহলে তাৰ হাতত সকলোটি মৰিব লাগিব। দুৰ্য্যোধন—মই এই কথা আগেয়ে সিদ্ধান্ত কৰি থৈছোঁ। একে সময়তে সপ্তৰথী আগুৰি অভিৰ লগত যুদ্ধ কৰা যাওক। নহলে ইয়াক মাৰিবৰ আন উপায় নেদেখোঁ। দ্ৰোণ—কি কয়? সপ্তৰথী লগ লাগি অন্যান যুদ্ধত অভিক মাৰিলে কুখ্যাতি ৰাখিবৰ ঠাই ত্ৰিভুবনত হব নে? এনে কাজ কেতিয়াও কৰিব নোৱাৰি : আৰু এনে পাপৰ পৰা নিস্তাৰ হোৱাৰ কোনো সম্ভৱ নাই। অন্য উপায় বিচাৰক। এই গৰ্হিত পাপ কাৰ্যত ম‍ই মত দিব নোৱাৰোঁ। কৃপ–[ মনে মনে ] এই পাপিষ্ঠৰ আশ্ৰয়ত থাকি অন্যায় যুদ্ধত বালক অভিক বধ কৰিব লগীয়াত পৰিলোঁ! ছিঃ! ছিঃ! আমাৰ নিচিনা দুৰ্কপলীয়া আৰু কোন আছে? ই যেতিয়া এই কথা মনত ভাবিছে তেতিয়া তাক কৰিছে