পৃষ্ঠা:অনিমা গুহ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাৰাশাস্তি ভোগ কৰিবলগীয়া হোৱা নাই। বৰ্তমান ইংলেণ্ডশ্বৰী এলিজাবেথ ভিক্টোৰিয়াৰ পৰিনাতি ষষ্ঠ জৰ্জৰ জীয়াৰী। আনহাতে ইউৰোপৰ বিভিন্ন ৰাজবংশলৈ বিয়া দিয়া ভিক্টোৰিয়াৰ জীয়াৰী আৰু নাতিনীসকলে একো একোটা পৰিয়ালক ধ্বংসৰ মুখলৈ ঠেলি দিছে। কৰুণ পৰিণতি হৈছিল ৰাছিয়াৰ শেষ জাৰ (Tsar) দ্বিতীয় নিকোলাচৰ পৰিয়ালত। দ্বিতীয় নিকোলাচৰ পত্নী জাৰিণা এলিক্স আছিল ভিক্টোৰিয়াৰ জীয়েকৰ ফালৰ নাতিনী। আইতাকৰ বিধ্বংসী জিনটো এলিক্সে মাক এলিচৰ মাধ্যমেৰে পাইছিল। কন্যা সন্তান হোৱা হেতুকে তেওঁলোক বেমাৰটোৰ দ্বাৰা আক্ৰান্ত হোৱা নাছিল। যি কি নহক এলিক্স আৰু নিকোলাচৰ একমাত্ৰ পুত্ৰ ৰাছিয়াৰ ৰাজবংশৰ উত্তৰাধিকাৰী এলেক্ছিছ হৈছিল হিম’ফিলিয়াত আক্ৰান্ত। ল’ৰাটোক সুস্থ কৰি তুলিবলৈ স্বাভাৱিকতেই মহাপ্ৰতাপী নিকোলাছে সকলো ধৰণৰ চিকিৎসা কৰোৱাইছিল। মানুহৰ মন যেতিয়া দুৰ্বল হয় তেতিয়া অলৌকিক শক্তিৰ ওপৰতো মানুহৰ বিশ্বাস ওপজে। এনে এজন অলৌকিক শক্তিৰ অধিকাৰী বুলি খ্যাত ৰাছপুটিন নামৰ ঈশ্বৰ পুৰুষৰ সংস্পৰ্শলৈ আহে জাৰ দম্পতী। ল’ৰাটো তেওঁৰ প্ৰভাৱত সামান্য ভালপোৱা যেন ধাৰণা হোৱাত ৰাছপুটিনৰ গুৰুত্ব ইমানে বাঢ়িবলৈ ধৰে যে তেওঁ দেশৰ শাসনকাৰ্যতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। সেই সময়ত ৰাছিয়াৰ বিপ্লৱৰ সূত্ৰপাত হৈছিল। অনেকৰ ধাৰণা ৰাজপুটিনৰ উত্তৰোত্তৰ প্ৰভাৱে জনসাধাৰণক অধিক উত্তেজিত কৰে। ফলত বিপ্লৱ ত্বৰান্বিত হয় আৰু ১৯১৭ চনত জাৰতন্ত্ৰক ওফোৰাই লেনিনৰ (১৮৭০-১৯২৪) নেতৃত্বত ৰাছিয়াত বলশ্বেভিক শাসন প্ৰতিষ্ঠিত হয়।

 জিন-ক্ৰমজ’ম-ডি এন এ আদিৰ মাজলৈ সোমাই বিজ্ঞানীসকলে সৃষ্টিৰ বহু ৰহস্য উদ্ঘাটন ইতিমধ্যে কৰিছে। মাজে-সময়ে ভাবো তেনেবোৰ কামৰ লগত যদি জড়িত হৈ থাকিব পাৰিলোহেঁতেন! পিছে যি পৰা নাই তাৰ বাবে হা-হুতাশ কৰি থকা মোৰ স্বভাৱ নহয়। যি সম্ভৱ তাকে নিষ্ঠাৰে কৰিব পাৰিলেও আত্মসন্তুষ্টি লাভ কৰিব পাৰি। ময়ো তাকেই কৰিবলৈ চেষ্টা কৰি থাকিলো।

 যি কি নহওক শেষ জাৰ নিকোলাছ বিপ্লৱীসকলৰ দ্বাৰা সপৰিয়ালে নিহত নহ’লেও, এলেক্ছিছৰ কিন্তু অকাল মৃত্যু আছিল অৱধাৰিত। বিপ্লৱীৰ বন্দুকৰ নলীৰে নিৰ্গত গুলীতকৈ হেজাৰগুণে শক্তিশালী একো একোটা জিনৰ কৰ্ম-কাণ্ড।

 মোৰ চিনাকি মহিলা এগৰাকীৰ পৰিয়ালৰ কেইজনমান পুৰুষ সদস্য হিম’ফিলিয়াৰ দ্বাৰা আক্ৰান্ত হৈ অকালতে প্ৰাণত্যাগ কৰা বুলি অলপতে শুনিলো। ইয়াৰ আগতে মহাৰাণীৰ পৰিয়ালৰ বাহিৰে এই ৰোগৰ বলি আন কোনোবা হৈছে বুলি জনা নাছিলো।

বাকীছোৱা জীৱন /৫১