পৃষ্ঠা:অনিমা গুহ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিনাকি মহিলাগৰাকীৰ মাকৰ ভায়েকৰ আৰু দুজনী বাই-ভনীৰ পুত্ৰ-সন্তানসকলৰ হিম’ফিলিয়া ৰোগ হৈছিল। পৰিয়ালটোৰ বেমাৰৰ ইতিহাস জানি ধাৰণা কৰিলো যে হিম’ফিলিয়াৰ জিনটো মহিলাগৰাকীৰ আইতাকৰ পৰা তেওঁৰ পুতেকলৈ আৰু তেওঁৰ কন্যা সন্তান দুজনীৰ যোগেদি নাতিয়েকহঁতৰ গালৈ বিয়পিছে। কথাষাৰ জনাজাত হোৱাৰ পাছত পৰিয়ালটোৰ ছোৱালীবিলাকৰ বিয়া হোৱাত বাধা পৰিছে যেন লাগিছে।


পুত্ৰ জয়ৰ স্কুল শিক্ষান্ত পৰীক্ষা

 ইতিমধ্যে কোৱা কথাষাৰ আকৌ এবাৰ কওঁ। আমাৰ পুত্ৰৰ বাহিৰা কিতাপ পঢ়াত যিমান মনোযোগ আছিল তাৰ এক শতাংশও নাছিল পাঠ্য কিতাপত। দশম শ্ৰেণীত উঠাৰ পাছতো তাৰ কাণসাৰ নাই। যিমানে বাহিৰা জ্ঞান নাথাকক স্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ নাপালে ভাল কলেজ বা উচ্চতৰ মাধ্যমিক স্কুলত ভৰ্তি হ’ব নোৱাৰিব বুলি কৈ কৈ ভাগৰি পৰো, সি নুশুনে। বিশেষকৈ তাৰ হেনো ভূগোল সমূলি ভাল নালাগে। গতিকে নপঢ়ে। ইমান অপৰিপক্ক ল’ৰা যে পৃথিৱীত থাকিব পাৰে ভাবিবই নোৱাৰো। এতিয়া উপায় কি? পশ্চিমবংগৰ ভূগোল ময়ো নাজানিছিলো, অথচ পাঠ্যক্ৰমত সেয়াও আছে। সি যেতিয়া নপঢ়ে ময়ে সেইবোৰ কিতাপ পঢ়ি, টেষ্টপেপাৰ চাই চাই প্ৰশ্নোত্তৰ তৈয়াৰ কৰিলো। গধূলি ভাত খাবৰ সময়ত বা গধূলি গল্প কোৱাৰ ছলেৰে তাক ভূগোল পঢ়াওঁ, যেনিবা সি পাঁচ বছৰীয়া ল’ৰাহে। গণিতৰ বাবে এজন ঘৰুৱা শিক্ষক ৰাখিছিলো। ওচৰ-চুবুৰীয়া বহু ছাত্ৰ-ছাত্ৰীক তেওঁ পঢ়ায়। শিক্ষক হিচাপে সুপ্ৰতিষ্ঠিত ভদ্ৰলোকজনক সকলোৱে কে জি বাবু বুলি কয়, আচল নামটো কোনেও নাজানে।

 ফাইনেল পৰীক্ষালৈ এমাহমানো নাই, এনেতে এদিন আমাৰ ঘৰত উপস্থিত হ’ল জয়ৰ সহপাঠী বন্ধু পৃথ্বিৰাজ। তাৰ হেনো ইংৰাজী পাঠ্যপুথিখন উঁয়ে খালে, গতিকে এসপ্তাহমানৰ বাবে জয়ৰ কিতাপখন ধাৰলৈ লাগে। তাৰ কথা শুনি মই বাকৰুদ্ধ। পাঠ্য কিতাপত উঁই সোমাল কেনেকৈ? তাৰ মানে সি কিতাপখন চুই পোৱা নাই। পৃথ্বিৰাজ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মাজু ককায়েক ভাৰতৰ প্ৰথম আই চি এছ বিষয়া সত্যেন্দ্ৰ নাথ ঠাকুৰৰ পৰিনাতি বিখ্যাত নৃতত্ববিদ গৌৰাংগ চট্টোপাধ্যায়ৰ পুত্ৰ। গৌৰাংগৰ দেউতাক ক্ষীতিশ চন্দ্ৰ চট্টোপাধ্যায় পদাৰ্থবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’লেও তেওঁ এগৰাকী নামী নৃতত্ববিদ বুলিহে জনাজাত। ৰাজা ৰামমোহন ৰায় আৰু ঈশ্বৰচন্দ্ৰ

৫২/ বাকীছোৱা জীৱন