পৃষ্ঠা:অনিমা গুহ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জিনটো জীয়েকৰ দেহকোষলৈ গ'লে তাই সুস্থ হৈ থাকি তাইৰ পুত্ৰৰ দেহলৈ বিয়পাব পাৰে। এইক্ষেত্ৰত নজনাকৈ মাতৃগৰাকী হয়গৈ পুত্ৰহন্তা।

 এনে এগৰাকী ‘পুত্ৰহন্তা’ মাতৃ আছিল ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়া (১৮১৯-১৯০১), যাৰ দেহকোষে কঢ়িয়াই ফুৰিছিল বোমাৰূপী জিনটো।তেওঁৰ দেহকোষত স্বতঃস্ফূৰ্তভাৱে জিনটোৰ সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলৰ বিশ্বাস। এইদৰে হঠাতে এটা জিনৰ আবিৰ্ভাৱক বিজ্ঞানৰ ভাষাত কোৱা হয় mutation | ৰজা-মহাৰজাসকলে এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰত বৈবাহিক কাৰ্য সম্পন্ন নকৰে। ছোৱালী বিয়া দিয়ে দূৰণিবটীয়া হ’লেও আন ৰাজবংশলৈ আৰু বোৱাৰীও আনে ৰজাঘৰৰ পৰা। ৰাণী ভিক্টোৰিয়াৰ পাঁচগৰাকী জীয়েকক বিয়া দিছিল ইউৰোপৰ বিভিন্ন ৰাজপৰিয়াললৈ। বৈবাহিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ৰাজ পৰিয়ালবোৰৰ নীতি-নিয়ম এটাই, তেহেলৈ সেই ৰজা ইংলেণ্ডৰে হওক বা ভাৰতৰে হওক। দুয়োটা পৰিয়ালৰ ধমনীৰে বৈ যাব লাগিব নীলা তেজ। ভাৰতৰ ক্ষেত্ৰতে চাওক। কোচবিহাৰৰ ৰূপৱতী ৰাজকুঁৱৰী গায়ত্ৰী দেৱীক বংগৰে কোনোবা অভিজাত পৰিয়াললৈ বিয়া নিদি দিলে ল’ৰা- ছোৱালীৰ দেউতাক বিপত্নীক জয়পুৰৰ ৰজালৈ। চিদলীৰ ৰজা অজিত নাৰায়ণে বিয়া কৰালে মাদ্ৰাজৰ এগৰাকী ৰাজকুঁৱৰী মঞ্জুলা দেৱীক। এটা কথা উলিয়ালে তাৰ পৰা ওলায় পোখা। ৰাজকুঁৱৰীসকলৰ কথা ক’বলৈ যাওঁতে মনত পৰিল জয়েশলাল নামৰ পুনে ফিল্ম ইনষ্টিটিউটত অধ্যয়নৰত ছাত্ৰ এজনলৈ। পুনেৰ একেটা অঞ্চলত তেতিয়া আমিও বাস কৰিছিলো বাবে আৰু অসমীয়া ছাত্ৰ-ছাত্ৰীৰে আহ-যাহ থকা বাবেই হ’বলা অনা-অসমীয়া অনেক ছাত্ৰৰ লগত আমাৰ চিনাকি আছিল। জয়েশো আহিছিল মাজে-সময়ে আমাৰ ঘৰলৈ। তেওঁ বিহাৰৰ কোনোবা এটা ৰাজপৰিয়ালৰ ল’ৰা। মই অসমীয়া বুলি গম পাই ক’লে তেওঁৰ মাকো গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ৰাজপৰিয়ালৰ জীয়ৰী। জয়েশৰ মধ্যস্থতাত আমাৰ মাজত চিঠিৰ মাধ্যমেৰে এটা সম্পৰ্ক গঢ়ি উঠিছিল। মাকে এবাৰ লিখিলে পুতেকৰ বাবে ছোৱালী এজনী চাবলৈ, পিছে তাই হ’ব লাগিব ৰাজপৰিয়ালৰ! মোৰ বন্ধুত্ব সেইখিনিতে ছিগিল।

 ভিক্টোৰিয়াৰ কথালৈ উভতি যাওঁ। তেওঁৰ পাঁচজনী জীয়েকৰ দুজনীয়ে মাকৰ পৰা এই সৰ্বনশীয়া জিনটো উত্তৰাধিকাৰী সূত্ৰে পাইছিল আৰু চাৰিটা ল’ৰাৰ দুজনৰ সৰুতে মৃত্যু হৈছিল। আন এজন হিম’ফিলিয়াৰ বলি হৈছিল যদিও তাৰ আগতে তেওঁ বিয়া-বাৰু কৰাই বংশত এই জিনটো থৈ গৈছে। ভিক্টোৰিয়াৰ জ্যেষ্ঠ পুত্ৰ আছিল সপ্তম এডোৱাৰ্ড। তেওঁ এই ৰোগৰ পৰা মুক্ত আছিল বাবে তেওঁৰ উত্তৰ পুৰুষৰ কোনেও

৫০/ বাকীছোৱা জীৱন