নাৰ্ছ আৰু অন্যান্যসকলৰ প্ৰশংসাত পঞ্চমুখ হৈ কৈছিল— ‘মানুহ যে ইমান সুসভ্য হ'ব পাৰে, ইমান উচ্চস্তৰৰ মানৱ হ'ব পাৰে, সেৱাপৰায়ণ হ’ব পাৰে নিজৰ অভিজ্ঞতা নহ'লে হয়তো বিশ্বাস নকৰিলোহেঁতেন’। দিল্লীলৈ লগত অহা ডাক্তৰ দুজনে অহা-যোৱা আৰু এৰাতি থকা খৰচৰ বাহিৰে আন একো নিয়া নাছিল।
হাস্পতালৰ বিল হৈছিল বিৰাট অংকৰ। হাস্পতাল কৰ্তৃপক্ষই প্ৰশান্তৰ প্ৰতি সহানুভূতিশীল হৈ তেওঁলোকৰ প্ৰাপ্য ধন অতি সামান্য — almost zero percent- সুতত ধীৰে ধীৰে পৰিশোধ কৰিবলৈ পৰামৰ্শ দিয়ে।
বিশ্বৰ আগশাৰীৰ দেশবোৰ অৰ্থনৈতিক দিশৰ পৰাই নহয় মানৱতাৰ ফালৰ পৰাও চহকী। প্ৰশান্তই কৈছিল— ‘জীৱনত যদি মই কিবা সঞ্চয় কৰিব পাৰো তেন্তে সেই সঞ্চয়ৰ ধন আমষ্টাডামৰ হাস্পাতালখনত দান দি যাম'।
বিশ্ববিদ্যালয়ৰ প্ৰতিও তেওঁ কৃতজ্ঞ আৰু শ্ৰদ্ধাশীল। এটা পাই পইচা দৰমহা নকটাকৈ দুমাহৰ ছুটী দিছিল। শুনি মনত পৰিছিল পঞ্চাশৰ দশকত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে নিযুক্ত ভূপেন হাজৰিকালৈ। ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ৰাছিয়াত অনুষ্ঠিত যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিছিল তেওঁ। তেতিয়াৰ দিনত বিমান সেৱা আজিৰ দৰে উন্নত নাছিল। আহি পাওঁতে তিনি দিন পলম হোৱা বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁৰ তিনি দিনৰ দৰমহা কৰ্তন কৰাত অপমানিত ভূপেন হাজৰিকাই আৰ্থিক অৱস্থা সচ্ছল নোহোৱা সত্ত্বেও চাকৰিত ইস্তাফা দি কলকাতালৈ যোৱাৰ কথা আজি সকলোৱে জানে।
ডাঃ অশ্বিনী চৌধুৰী নামৰ আমেৰিকাবাসী অসমীয়া ডাক্তৰ এগৰাকীয়ে কৈছিল কোনো ৰোগী হাস্পতাললৈ আহিলে তেওঁ কোন দেশৰ, পইচা দিব পাৰিব নে নাই অনুসন্ধান কৰা নহয়। তেওঁৰ একমাত্ৰ চিনাকি তেওঁ এজন চিকিৎসা বিচাৰি অহা ৰোগী। মেক্সিকোৰ সীমা পাৰ হৈ বহু দৰিদ্ৰ মেক্সিকান হেনো আমেৰিকাৰ হাস্পতালৰ সন্মুখত পৰি থাকে চিকিৎসাৰ আশাত।
আমেৰিকাৰ কলেজ এখনত পাঠৰত এজন কলকতীয়া ছাত্ৰৰ মাক এবাৰ পুতেকক লগ পাবলৈ তালৈ গৈছিল, নাজানো কিয়, স্বাস্থ্য বীমা নকৰোৱাকৈ। হঠাতে মাক অসুস্থ হ’ল। দুয়োৰে মূৰত বজ্ৰাঘাত। ছাত্ৰ এজনৰ পক্ষে সেইখন দেশৰ ব্যয়বহুলচিকিৎসা কৰোৱা অসম্ভৱ। গতিকে মাকক হাস্পতালত নমাই দি তেওঁ গুচি আহিল। কলকাতাৰ ঠিকনা দি মাক ভৰ্তি হ’ল। পুতেকজনে আলেঙে আলেঙে থাকি মাকক চাইছিল। অৱশেষত কলকাতাৰ ঠিকনালৈ গ'ল বিৰাট অংকৰ হৃদপিণ্ড স্তব্ধকাৰী বিল