সমললৈ যাওক

পৃষ্ঠা:অনিমা গুহ.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাস্পতাল এখনলৈ লৈ যোৱা হ'ল। ইমাৰ্জেন্সি বিভাগৰ চিকিৎসকে ৰোগীৰ কটা ঠাইডোখৰ চায়ে তুৰন্তে ওলাই গৈ মুহূৰ্তৰ ভিতৰত চাৰিটা পাহুৱাল ৱাৰ্ড বয়ক লৈ আহিল। ৰোগী হতবাক। পাহুৱাল চাৰিজনে ৰোগীক আক্ৰমণ কৰা দি তেওঁৰ হাত-ভৰি চাৰিখন হেঁচা মাৰি ধৰিলে। ৰোগীৰ ধাৰণা হৈছিল ইহঁত চাৰিটা যমৰজাৰ দূত। তেওঁক নিবলৈ আহিছে। তেনে অৱস্থাত ডাক্তৰ এজনে কটা ঠাইডোখৰৰ পৰা টান মাৰি কিবা এটা উলিয়ালে। তাকে কৰোতে ৰোগীয়ে ইমান দুখ পাইছিল যে সেই দুখৰ প্ৰাবল্য ভাষাৰে প্ৰকাশ কৰা টান।

 পাছত জনা গ'ল পুনেৰ নাৰ্ছিং হোমৰ ছাৰ্জনে ৰোগীৰ পেটটো চিলাই কৰোতে দীঘলীয়া গজ এডাল পেটৰ ভিতৰতে থৈ দিছিল। কলকাতাৰ ডাক্তৰে তেওঁৰ কটা ঘাটো চাওঁতে চিলাই ফাটি গজৰ এটা অংশ ওলাই অহা দেখা পাই উপলদ্ধি কৰিলে যে ৰোগীক অ’টিলৈ লৈ গৈ এনাছথেছিয়া দিয়ে মানে কলিজা বন্ধ হৈ যাব পাৰে। আনহাতে স্বাভাৱিক অৱস্থাত গজডাল উলিয়ালে ৰোগীয়ে অসহ্য যন্ত্ৰণা পাব। মুহূৰ্ততে ইমাৰ্জেন্সিৰ চিকিৎসকজনে হেঁচি ধৰি গজডাল টানি উলিওৱাৰ সিদ্ধান্ত লৈছিল। জোঁৱাইক পাছত বহুতে পৰামৰ্শ দিছিল পুনেৰ ছাৰ্জনজনৰ বিৰুদ্ধে গোচৰ তৰিবলৈ, পিছে ধৰ্মভীৰু মানুহজন কোনোমতেই মান্তি নহ’ল। জীৱনটো যে ঘূৰাই পালে ইয়ে পৰম সৌভাগ্য বুলি ভাবে তেওঁ।

 প্ৰশান্তয়ো ভাবে ছুটী পাইছে, আগধন নিদিয়াকৈ সু-চিকিৎসা পাইছে আৰু কিবা লাগেনে? এতিয়া মাক সুস্থ হ’লেই হয়। পিছে তেওঁ সুস্থ হৈ নুঠিল। পেহী এনেয়ে আছিল দুৰ্বল, তাতে আক্ৰান্ত হ’ল বিদেশী ভাইৰাছৰ দ্বাৰা। অৱশেষত তিনি মাহৰ মূৰত তেওঁক ঘৰলৈ ওভোতাই অনাৰ দিহা কৰিলে। দিল্লীলৈকে ৰোগীৰ লগত আহিল দুগৰাকী হলেণ্ডৰ ডাক্তৰ।

 নিজৰ দেশত নামি দেখিলে আগতীয়াকৈ ব্যৱস্থা কৰা সত্ত্বেও এম্বুলেন্স আহি পোৱা নাই। বিমান বন্দৰতে কটালে মুমূৰ্ষু ৰোগীজনে দুঘণ্টা। এটা সপ্তাহ দিল্লীৰ হাস্পতালত থকাৰ পাছত উৰুৱাই অনা হ'ল গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা এম্বুলেন্সৰে চাপৰলৈ, পিছদিনা নিজাঘৰত পেহীয়ে শেষ নিশ্বাস ত্যাগ কৰিলে।

 মানুহে কোৱা-কুই কৰিলে প্ৰশান্ত ভিকহু হ’ল। কোনোবাই ক’লে আমেৰিকাৰ ঘৰ-দুৱাৰ বেচিলে। মানুহৰ দোষ নাই। আমাৰ ইয়াত হ’লেও দীঘলীয়া চিকিৎসা বাবদ কেইবা লাখ লাগিলহেঁতেন। প্ৰশান্তই পাছত কৈছিল ভিকহুও হোৱা নাই, ঘৰো বেচা নাই। ধাৰো কৰা নাই। মাকক বচাব নোৱাৰিলেও হলেণ্ডৰ হাস্পতালৰ ডাক্তৰ,

২৯৪/ বাকীছোৱা জীৱন