পৃষ্ঠা:অনিমা গুহ.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখন। কাহিনীটো কৈছিল ছাত্ৰজনৰ পত্নীয়ে। চাকৰি পোৱাৰ পাছত তেওঁ অলপ অলপকৈ ধাৰ মাৰিছিল। কিছুমানে একো নিদিয়াকৈ মনে মনে থাকে।

 আমাৰ ধাৰণা চহকী দেশৰ মানুহ নিৰ্দয় হয়, বিশেষকৈ তৃতীয় বিশ্বৰ মানুহৰ প্ৰতি। অভিজ্ঞতাৰ ভিত্তিত কওঁ কথাষাৰ সত্য নহয়। এবাৰ দাঁতৰ বিষত দন্ত চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হৈছিলো। ভাৰতত বীমা কৰাই নিলেও দাঁত আৰু চকুৰ চিকিৎসা বীমাৰ অন্তৰ্ভুক্ত নহয়। মোৰ বীমা নাই বুলি শুনি ডাক্তৰৰ বোধকৰো পুতৌ হ’ল। অচিনাকি মানুহজনে মোৰ পৰা তেওঁৰ প্ৰাপ্য টকা অলপ কমকৈ লৈছিল। আনকি দৰব দোকানীয়েও মোৰ মুখলৈ চাই জ্যেষ্ঠ নাগৰিক যেন পাই দৰৱৰ দামো কমাই ললে। দুয়োৰে প্রতি কৃতজ্ঞতাত মোৰ চকু সেমেকি উঠিছিল।

 প্রশান্ত কলিতাই কৈছিল, ‘চহকী দেশৰ মানুহৰ মনবোৰো চহকী। দয়ালু, কর্তব্যপৰায়ণ, মানৱৰদী, সহানুভূতিশীল আদি শব্দবোৰৰ অৰ্থ কি ঘোৰ বিপদত বুজি পালো’।


অন্তৰত খুন্দা মৰা কথাৰে

 নিজকে মই যুক্তিবাদী বুলিয়ে ভাবো। সেয়েহে অন্তৰত খুন্দা মাৰি যোৱা ঘটনাই মোৰ মনক দীর্ঘ সময় ধৰি যন্ত্রণাকাতৰ কৰি ৰাখিব নোৱাৰে। আবেগৰ ঢৌৱে মোক উটুৱায়ো নিনিয়ে। কিন্তু কোনোবাই, বিশেষকৈ আপোনজনে যদি পৰিয়ালৰ সকলোৰে ভালৰ বাবে কৰিব খোজা কিবা কামৰ আঁৰত উদ্দেশ্য বিচাৰি পায় তেনেহ'লে মনত যিটো আঘাত পাওঁ তাক কোনো যুক্তিয়ে নির্মূল কৰিব নোৱাৰে।

 কথাষাৰ অলপ বহলাই কোৱা যাওক। মোৰ কলকাতাৰ সহকৰ্মী জয়াৰ কথা একাধিকবাৰ উল্লেখ কৰিছো। তেওঁ বৰ্তমানে কলকাতাবাসী হ’লেও পূব বাংলা অর্থাৎ আজিৰ বাংলাদেশ মূলৰ। ভাৰত দ্বিখণ্ডিত হোৱাৰ পাছত সা-সম্পত্তি সকলো ত্যাগ কৰি কলকাতালৈ আহিছে। মোৰ শহুৰৰ পৰিয়ালটো কুৰি শতিকাৰ আৰম্ভণিতে চাকৰিসূত্ৰে মণিপুৰলৈ আৰু ১৯৩২-৩৩ চনত পৰিয়ালৰ একাংশ গুৱাহাটীলৈ আহিছিল যদিও টাঙাইলত তেওঁলোকৰ সা-সম্পত্তি আছিল। সেইবোৰৰ সমমূল্যৰ ধন কেতিয়াবা কোনোবাই পাব বুলি দেশ ত্যাগ কৰিবলৈ বাধ্য হোৱাসকলে সপোনতো ভবা নাছিল।

 কলকাতাত এদিন জয়াই আহি মোক ক'লে Enemy Property আইনৰ অধীনত বাংলাদেশৰ পৰা ভাৰতলৈ অহাসকলে বা ভাৰতৰ পৰা বাংলাদেশলৈ যোৱাসকলে

২৯৬/ বাকীছোৱা জীৱন