সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
অজামিল উপাখ্যান

ভকতিক অনাদৰি, যিতো প্ৰায়ছিত কৰে,
 তাৰ কৰ্ম্ম সকল বিফল।
যেন ধুয়াই আনে হাতী, দুনাই লৱে ধুলি মাটি,
 শৰীৰত বান্ধে অতি মল॥
পূৰ্ব্বত অগস্তি ঋষি, মলয়া পৰ্ব্বতে বসি,
 আছন্ত হৰিক কৰি ধ্যান।
কহিলাহা মোত, ইটো ইতিহাস কথা,
 নাম বিনে ধৰ্ম্ম নাহি আন॥
শুনিলাহা পৰীক্ষিত, নাম ধৰ্ম্ম বিপৰিত,
 কহিলো তোমাত দয়া তৰে।
ইহাত বিশ্বাস কৰি,  যিতো ফুৰে নাম ধৰি,
 সিটো সুখে সংসাৰক তৰে॥
শুনিয়োক সভাসদ, মহা ভাগৱত পদ,
 তিনিয়ো লোকত ইসে সাৰ।
কৰিও বিশ্বাস আত, এৰায়ো যমৰ হাত,
 নাম বিনে নাহিকে নিস্তাৰ॥
বুজিবা সাস্ত্ৰৰ মজা, কৃষ্ণেসে দেৱৰ ৰাজা,
 হৰি নাম ধৰ্ম্মৰো ঈশ্বৰ।
তপ যপ তীৰ্থ স্নান, যাগ যোগ মহা জ্ঞান,
 জানা সবে নামৰ কিঙ্কৰ॥