সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
অজামিল উপাখ্যান

নাই আন অন্য কথা, বিৰচিলো কৃষ্ণ কথা,
 আক শুনি হুয়োক সন্তোষ।
নিন্দা নকৰিবা মোক, কৃষ্ণে সবে খণ্ডন্তোক,
 আছে বঢ়া টুটা যত দোষ॥
হৰি হৰি নাম স্মৰে, সমস্তে বিপদ হৰে,
 মহন্তৰ হেনসে সন্মত।
নাম বিনে নাহি আনি, অজামিল উপাখ্যান,
 এহিমতে ভৈল সমাপত॥
হেন কৃষ্ণ কৰো সেৱ হে কৃপা কৰাদেৱ,
 তোমাতেসে থাকে যেন মতি।
চৰণে বিক্ৰয় গৈলো তোমাৰেসে ভৃত্য ভৈলো,
 জন্মে জন্মে তুমি মোৰ গতি॥
মই মহা মন্দমতি, তোমাত নকৰো ৰতি,
 ইটো আয়ু নিলো আলে জালে।
হুয়ো প্রভু উপসাম, তোমাৰ চৰণে নাম,
 নছাৰোক মোক অন্তকালে॥
কৃষ্ণেসে সুহৃদ নিজ, নামেসে মুখ্যৰ বিজ,
 ভৈল তযু প্ৰসাদে বিদিত।
তুমিসে পৰম গুৰু, ভকতৰ কল্পতৰু,
 জানে যেবে যাৰ যেনে চিত॥
কৰো প্ৰভূ কৃতাঞ্জলী, ধৰা মোক ভৃত্য বুলি,
 হেন কৰো সহস্র প্রণাম।
কৃষ্ণৰ ভৃত্যৰো ভৃত্য, শঙ্কৰে ৰচিলা গীত,
 নিৰন্তৰে ডাকি বোলা ৰাম ৰাম॥