সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
অজামিল উপাখ্যান

কৰে আন কনা কানি, যদি শুনে ঝন ঝনি,
 থমকি শুনয়ে কান পাতি।
অন্যে অন্যে বোলে শুন, যোনো গায়ে হৰি গুণ,
 পলাইবাক লাগি বান্ধে গতি॥
মহা ত্ৰাশ হুয়া আতি, সপোনতো চেঞ্চাই আতি,
 পলা পলা চক্ৰে খেদি পাইলে।
এহি মতে দূত গণে, অসুখ অসান্তি মনে,
 পলাই বৈষ্ণৱক লাগ নেদি॥
কহিলো নৃপতি মৰ্ম্ম, কৃষ্ণৰ কীৰ্ত্তন ধৰ্ম্ম,
 জগত মঙ্গল ইসে নিজ।
মহা মহা পাপৰাশি, এহিসে বিনাশে আসি,
 উভাৰে পাপৰ যত বিজ॥
কৃষ্ণ গুণ নাম স্মৰি, শ্ৰৱন কীৰ্ত্তন কৰি,
 যেন মতে শুদ্ধ হুই নৰে।
কোটি তীৰ্থ ব্ৰত তপে, কোটি যাগ যোগ জনে,
 সেহি মতে পৰিত্ৰাণ কৰে॥
কৃষ্ণ পদ পঙ্কজৰ, মধু পীয়ে যিতো নৰ,
 তাৰ মন নপৰে কৰ্ম্মত।
কৃষ্ণতেসে কৰে ৰতি, মিলে মহা বীৰকতি,
 ঘোৰ দুখময় বিষয়ত॥