সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
অজামিল উপাখ্যান

প্ৰেম উপজিল লোতক ঝৰিল,
 নেৰিল কৃষ্ণ চৰণ॥

ছবি ।

বৈষ্ণৱৰ মহিমাক, যমৰ মুখত শুনি,
 হিয়াত পশিল মহাভয়।
সেহি দিনা ধৰি পাছে, ভকতক দেখিলেয়ো,
 তৰতৰি কাম্পে দূতচয়॥
ডৰে কাম্পে চক্ষু ছেপি, কতো যায় পাছ গুছি,
 চাহিবে নোৱাৰে মাথা তুলি।
প্ৰভাৱ দেখিয়া বোলে,  বৈষ্ণৱৰ কিনো তেজ,
 জানো মাৰে আমাক সমূলি॥
কীৰ্ত্তনৰ ধ্বনি যথা, যৈত শুনে হৰিকথা,
 তাক ডৰে অন্তৰি পলাই।
নামৰ শুনন্তে ৰোল, হৰে মুখৰ মাতবোল,
 লৱৰয় পাছক নচায়॥
নাই শ্ৰুতি যেন মৰা, চক্রে কাটিলেক পৰা,
 ষোনো আজি মোৰ মনে বুৰে ৷
জিহ্বা আন কথা কয়ে, তাকো বোলে নামলৱে,
 দূতৰ ডৰত ধাতু উৰে॥