সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
অজামিল উপাখ্যান

ধৰ গৈয়া বলে, বান্ধি হাতে গলে,
 ঝান্তে আন যাতনাক॥
সেহি মহা ৰণ্ড, পৰম পাষণ্ড,
 দণ্ডে কোবাই কৰ চুৰ।
চিনাইলো পৰয়া, মোৰ আজ্ঞা লৈয়া,
 মনুষ্য লোকত ফুৰ॥
দূতক এতেক, কহি যমে পাছে,
 কৃষ্ণৰ দিশক চায়।
কৰি কৃতাঞ্জলি, বুলিলা বিনয়,
 হুৱা অৱনত কায়॥
তোমাৰ নামৰ, মহিমা নজানি,
 দূতে কৰিলেক দোষ।
সেৱকৰ দায়, পাৰয় প্ৰভুকো,
 ইসে ভৈল অসন্তোষ॥
ক্ষেমিয়োক স্বামী, জানিবাহা আমি,
 কৰিলো ইটো অকৰ্ম্ম।
হুয়োক সদয়, প্ৰভু কৃপাময়,
 মহন্তৰ ক্ষেমা ধৰ্ম্ম॥
এহি বুলি যমে, মৌন হুৱা ৰৈলা,
 কৃষ্ণৰ চিন্তি চৰণ।