এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
অজামিল উপাখ্যান
লাজ কাজ মৰ্য্যদাক এৰিলে যেন নট।
মিলে ছাগলিত দ্বিজ হেনসে লম্পট॥
কহিলো বেদৰ তত্ত্ব জানি নিশ্চয়।
নামৰ আভাষে মাত্ৰ হোৱে পাপক্ষয়॥
এতেকে তৰিল পাপ বন্ধনত হন্তে।
পাইলে মুকুতি নাম সুমৰি মৰন্তে॥
এতেকে নছাৰে কৃষ্ণ চৰণত মতি।
ইহাৰ প্ৰমান জানস প্ৰেম ভকতি॥
বুলিবি নামেসে সাধে যেবে সবে অৰ্থ।
শ্ৰুতি সাস্ত্ৰ মানে তেবে সবে ভৈল ব্যৰ্থ॥
হৰিৰ নামেসে পাৰে পাতক খণ্ডিত।
কিয় ঋষি সবে বিহে আন প্ৰায়ছিত॥
ইহাৰ উত্তৰ শুন যেন দূত গণ।
বাৰ্ত্তা জানি আত পৰে যত মহাজন॥
পৰম ৰহস্য হৰি নামক নাজানে।
বিহে আন প্ৰায়শ্চিত কৰ্ম্মেসে বাখানে॥
যেন মৃত্যু সঞ্জিবণী ঔষধতে সাৰ।
সবাকো জীৱায়ে হেন প্ৰভাৱ তাহাৰ॥
মন্দ মতি বৈদ্য সবে তাহাক নজানি।
আনসে ঔষধ দেই ৰুগীয়াক আনি॥