সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান ভাগৱত সাস্ত্ৰতে। আছে ঠাই ঠাই । সেহিলে পৰিত্ৰ নাম সুমৰে সদায় । হোৱে শুদ্ধ যেবে একে নাম লৈলে মাত্র । পুৰ্ব্বত বিছিলে কিয় প্রায়ছিত সাস্ত্র । বৃথায়ে ৰিছিলে তপ জপ তীৰ্থ চয় । ছেদিয়োক প্ৰভু ইটো আমাৰ সংশয় ! শুনি যম ৰাজা দিলা স্নতক উত্তৰ । একো নুবুজস তোৰা পৰম পাপৰ ৷৷ নামৰ মহিমা শুনি নশহিলা গাৱ । হৰিত অধিক আছে নামৰ প্ৰভাৱ । নামৰ দ্ৰোহিক হৰি নকৰস্ত ৰক্ষা ৰাখে হৰি দ্ৰোহিকে৷ নামৰ হেন কক্ষা আছিলন্ত মহিমা নাম এৰি আত খেদ । শুন তোৰা সংশয়ৰ দিয়ো পৰিছেদ 1 ৰাম কৃষ্ণ নাম যিবা লৱে একবাৰ । কোটি জনমৰ পাপ ভস্ম হোৱেতাৰ । আপুনি আগতে পাইলি সম্প্রতি প্রমান । দ্বিজ অজামিল ছিল পাতকী প্রধান নাৰায়ণ আই বুলি ডাকিলে পুত্ৰক । অসত্য অশুদ্ধ চিত নাজানে কৃষ্ণক