সমললৈ যাওক

পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
অজামিল উপাখ্যান

আশ্চৰ্য্য আশ্চৰ্য্য, ভাৰতৰ নৰ,
 কিনো মন্দ কৰ্ম্ম কৰে।
হৰি হেন নাম, আছন্ত তথাপি,
 যাতনা তাপত মৰে॥
ঈশ্বৰ কৃষ্ণক, নভজি আনক,
 ইষ্ট দেৱ বুলি মানে।
কিনো হত বুদ্ধি, ভৈলন্ত তথাপি,
 কৃষ্ণক নাভাবে মনে॥

পদ।

নিগদতি শুক শুনিওক নৃপবৰ।
ষমক পুছিলে দুনাই দাৰুণ কিঙ্কৰ।
এক বাৰ উচৰিলে নামৰ আভাষ।
কিমতে সমস্তে পাতক তাৰ ভৈলা নাশ।
শ্ৰদ্ধায়ে সততে ভক্তি ভাৱে নাম ধৰে।
তাহাৰেসে সমস্তে পাতক নামে হৰে।
অনুদিনে আদৰে হৰিৰ নাম লৱে।
তাৰেসে পতিক গুছে আনো সাস্ত্ৰে কৱে