এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
অজামিল উপাখ্যান
আমি যেবে মৰো তোমাৰেহে ক্ষতি অতি।
শুনিয়া যমৰ প্ৰেম উপজিল অতি॥
কৃষ্ণ পদ পঙ্কজক মনত স্মৰিল।
তনু ভৈল পুলকিত লোতক ঝৰিল॥
মনত মিলিল মহা আনন্দ একান্ত।
মুখ মূচি দিলাপাছে দুতক সিদ্ধান্ত॥
যিকথা পুছিলি শুন সমস্তে কিঙ্কৰ।
আছন্ত পৰম দেৱ কৃষ্ণ মহেশ্বৰ॥
যাক কৰ্ণে শুনন্তে মনত মিলে ৰঙ্গ।
তাহান আগত মই ক্ষুদ্ৰসে পতঙ্গ॥
কৃষ্ণেসে ঈশ্বৰ চৰাচৰ জগতৰ।
যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ॥
সৃষ্টি স্থিতি প্ৰলয় কৰে ভিন্নে ভিন্নে।
অনাদি অনন্ত কোন আছে তান্ত বিনে॥
যাৰ বেদ বাক্যত জগত ভৈল বন্দি।
যেন নাক বিন্ধি বলদক আছে ছাণ্ডি॥
জাতি ধৰ্ম্ম কৰি কৰে তাহাঙ্কেহে সেৱ।
তাহানেসে অধিন যতেক আমি দেৱ॥
নজানিহে মোক তোৰা বোলহ ঈশ্বৰ।
মোৰ য’ত অধিকাৰ শুনিবি কিঙ্কৰ॥